দল তথা প্ৰাৰ্থীসকলে মানিব লাগিব সমূহ নীতি নিয়ম

ৰাজ্যিক নিৰ্বাচন আয়োগে বুধবাৰে সংবাদ মেলৰ জৰিয়তে গুৱাহাটী পৌৰসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগতে নিৰ্বাচন সংক্ৰান্তিয় বিভিন্ন নীতি, নিয়ম প্ৰকাশ কৰিছে। আয়োগে প্ৰকাশ কৰা মতে ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব পৌৰ নিগমৰ নিৰ্বাচন। আনহাতে ভোটগণনা অনুষ্ঠিত হ’ব ২১ এপ্ৰিলত।

নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা নিয়ম অনুসৰি কোনো দল বা প্ৰাৰ্থীয়ে নিশা ৯ বজাৰ পিছত প্ৰচাৰ অভিযান চলাব নোৱাৰিব। নিশা ৯ বজাৰ পৰা পুৱা ৬ বজালৈ প্ৰচাৰ অভিযান নিষিদ্ধ থাকিব। মুঠ ৬০ টা ৱাৰ্ডত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ বাবে ৭৮৯ টা ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব।

৬০ টা সমষ্টিত মুঠ ভোটাৰ আছে ৭,৯৬,৮২৯ গৰাকী। ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা ৩, ৯৬,৮৯১ গৰাকী। আনহাতে মহিলা ভোটাৰৰ সংখ্যা ৩,৯৯,৯১১ গৰাকী। তৃতীয় লিংগৰ ভোটাৰ আছে ২৭ গৰাকী।

মুঠ ৫০ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত কৰা হৈছে। ৩ টা ৱাৰ্ড এছ টিৰ বাবে, ৪ টা ৱাৰ্ড এছ চিৰ বাবে সংৰক্ষিত কৰা হৈছে। আনহাতে ৩০ টা ৱাৰ্ড অসংৰক্ষিত। একোটা ৰাজনৈতিক দলে প্ৰতিটো ৱাৰ্ডত সৰ্বাধিক ২.৫০ লাখ টকা ব্যয় কৰিব পাৰিব।

একোটা ৰাজনৈতিক দলে প্ৰতিটো ৱাৰ্ডত ২ লাখ ৫০ হাজাৰ খৰছ কৰিব পাৰিব৷ আনহাতে নিৰ্বাচনত নাথাকিব কোভিড সম্পৰ্কীয় কোনো নীতি, নিয়ম। কেৱল বাধ্যতামূলক ভাৱে মাস্ক আৰু চেনিটাইজাৰ সকলোৱে ব্যৱহাৰ কৰিব লাগিব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *