দক্ষতা বিকাশ দুৰ্নীতিৰ গোচৰত স্থায়ী জামিন প্ৰদান অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক

‘দক্ষতা বিকাশ দুৰ্নীতি’ গোচৰত অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ স্থায়ী জামিন আবেদন মঞ্জুৰ কৰে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে। অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ মুৰব্বীগৰাকী অন্তৱৰ্তীকালীন জামিনত মুকলি কৰি দিয়াৰ পিছত বৰ্তমান চিকিৎসাধীন হৈ আছে। তেওঁৰ বাবে শুকুৰবাৰে উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক ‘বৃহৎ সকাহ’ বুলি গণ্য কৰা হৈছে।

৩১ অক্টোবৰত চন্দ্ৰবাবুৰ চাৰি সপ্তাহৰ অন্তৱৰ্তীকালীন জামিন ‘স্বাস্থ্যৰ ভিত্তিত’ অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছিল। তেলেংগানাৰ হায়দৰাবাদৰ এখন চিকিৎসালয়ত চকুৰ ছানি পৰা অস্ত্ৰোপচাৰ কৰি এতিয়া ঘৰতে জিৰণি লৈ আছে। যোৱা ৩১ অক্টোবৰত উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছিল যে চন্দ্ৰবাবুৱে ২৮ নৱেম্বৰৰ সন্ধিয়া ৫ বজাৰ ভিতৰত ৰাজমাহেন্দ্ৰবৰম কেন্দ্ৰীয় কাৰাগাৰত ৰিপৰ্ট দিব লাগে। কিন্তু বিচাৰ নিষ্পত্তি নোহোৱালৈকে স্থায়ী জামিনৰ প্ৰয়োজন নহ’ব।

তেওঁ থকা সময়ছোৱাত ৰাজ্য চৰকাৰী সংস্থা ‘দক্ষতা বিকাশ নিগম’য়ে প্ৰায় ৩৭১ কোটি টকাৰ পুঁজি লাভ কৰিছিল। চন্দ্ৰবাবুৰ লগতে তেওঁৰ পুত্ৰ তথা টিডিপি নেতা নৰা লোকেশকো এই গোচৰত ৯ ছেপ্টেম্বৰৰ পুৱতি নিশা গ্ৰেপ্তাৰ কৰা হয়। এই গোচৰত গ্ৰেপ্তাৰ হোৱা লোকৰ ভিতৰত আছে প্ৰাক্তন মন্ত্ৰী তথা টিডিপি বিধায়ক গন্ত শ্ৰীনিবাস ৰাও আৰু তেওঁৰ পুত্ৰ ৰবিজেতা। যদিও টিডিপি নেতৃত্বই অভিযোগ কৰিছিল যে অন্ধ্ৰ মুখ্যমন্ত্ৰী আৰু ৱাইএছআৰ কংগ্ৰেছৰ মুৰব্বী জগনমোহন ৰেড্ডীয়ে ৰাজনৈতিক প্ৰতিশোধৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *