থু পেলোৱাৰ বাবেই ৫ মাহাৰ কাৰাবাস খাটিবলগীয়া হ’ল এজন মুছলমান যুৱকে, ভাঙি পেলোৱা হ’ল বাসগৃহ

85

ঘৰৰ সন্মুখৰ ৰাস্তাৰে পাৰ হৈ যোৱা হিন্দু ধৰ্মীয় শোভাযাত্ৰাৰ সময়তে থু পেলোৱাৰ অভিযোগত ৫ মাহ কাৰাবাস খাটিবলগীয়া হ’ল এজন ১৮ বৰ্ষীয় যুৱকে। একেটা অপৰাধতে বুলডোজাৰ লগাই ভাঙি পেলোৱা হয় যুৱকজনৰ বাসগৃহও। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ উজ্জয়িনীত। অৱশ্যে ১৫১ দিনৰ দীঘলীয়া কাৰাবাসৰ অন্তত অৱশেষত মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত জামিনত মুকলি কৰি দিয়া হয় যুৱকজনক।

আৰক্ষীৰ সূত্ৰ অনুসৰি, বিগত বৰ্ষৰ ১৭ জুলাইত আদনান মনছুৰী নামৰ যুৱকজনৰ ঘৰৰ সন্মুখৰ পথেৰে বাহিৰ কৰা হৈছিল শিৱ পূজাৰ এক শোভাযাত্ৰা। সেই সময়ত আদনান, তেওঁৰ কনিষ্ঠ ভাতৃ আৰু আন এজন সম্পৰ্কীয় ভাতৃ থিয় হৈ শোভাযাত্ৰা চাই আছিল ঘৰৰ চাদৰ পৰা। আৰু তেতিয়াই শোভাযাত্ৰাৰ মাজৰ এজন লোকে যুৱকজনৰ বিৰুদ্ধে থু পেলোৱাৰ অভিযোগ তোলে। পৰৱৰ্তী সময়ত ছাৱিয়ান লট নামৰ এজন ব্যক্তিয়ে তিনি মুছলমান যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে আদনানসহ তিনিওজন যুৱকক গ্ৰেপ্তাৰ কৰে।

ইফালে একেদিনাই নিশা বুলডোজাৰ লগাই ভাঙি পেলোৱা হয় আদনানৰ ঘৰটোও। স্থানীয় প্ৰশাসনে ঘৰ উচ্ছেদ কৰাৰ যুক্তি দি কয় যে দখলকৃত মাটিত থকাৰ বাবেই ভাঙি পেলোৱা হয় ঘৰটো। আনহাতে মুছলমান যুৱকজনৰ ঘৰত বুলডোজাৰ চলোৱাৰ সময়ত স্থানীয় একাংশ হিন্দু যুৱকে ডিজে, ঢোল বজাই নৃত্যও কৰে। এই সন্দৰ্ভত বিজেপিৰ স্থানীয় মুখপাত্ৰ আশীষ আগৰৱালাই কয়, “ভগৱন শিৱক অসন্মান কৰাসকলে শিৱ তাণ্ডৱৰ বাবেও সাজু হোৱা উচিত।”

আৰক্ষীৰ সূত্ৰ অনুসৰি আদনান আৰু তেওঁৰ ভাতৃৰ বিৰুদ্ধে ধৰ্মীয় আৱেগক আঘাত হনা, শত্ৰুতা প্ৰচাৰ কৰা, ধৰ্মীয় সমাৱেশত অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰা হয়। পৰৱৰ্তী সময়ত আদনানৰ কিশোৰ ভাতৃদ্বয়ক জামিনত মুকলি কৰি দিয়া হয় যদিও আদনান কাৰাগাৰতে থাকিবলগীয়া হয়। পাঁচ মাহৰ কাৰাদণ্ডৰ অন্তত শেহতীয়াকৈ মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত আদনানক মুকলি কৰি দিয়া হৈছে।

আনহাতে অভিযোগৰ কোনো তথ্য-প্ৰমাণ অথবা সাক্ষী নোহোৱাকৈয়ে এজন মুছলমান যুৱকক এনেদৰে কাৰাদণ্ডৰ শাস্তি বিহাৰ ঘটনাই মধ্যপ্ৰদেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।