থাইলেণ্ড অ’পেনত ভাৰতীয় বক্সাৰ গোবিন্দ চাহনী- অনন্ত প্ৰহ্লাদ চোপাডৰ স্বৰ্ণ

ভাৰতীয় বক্সাৰ গোবিন্দ চাহনী (৪৮ কিলোগ্ৰাম) আৰু অনন্ত প্ৰহ্লাদ চোপাডে (৫৪ কিলোগ্ৰাম) শনিবাৰে ফুকেটত থাইলেণ্ড অ’পেনৰ নিজ নিজ বাউটত সহজ জয়ৰ সৈতে সোণৰ পদক অৰ্জন কৰে। দুয়োজন ভাৰতীয় বক্সাৰে তেওঁলোকৰ শক্তিশালী পাঞ্চেৰে তিনিওটা ৰাউণ্ডত আধিপত্য বিস্তাৰ কৰি ৫-০ ৰ সমান ব্যৱধানত জয়লাভ কৰে। চাহনীয়ে স্থানীয় প্ৰতিদ্বন্দী নাথফোন থুয়ামচেৰনক পৰাস্ত কৰে। আনহাতে অনন্তে থাইলেণ্ডৰ ৰিটিয়ামন ছেইক পৰাস্ত কৰিছিল।

অৱশ্যে অমিত পাংঘাল (৫২ কিলোগ্ৰাম) আৰু মনিকা (৪৮ কিলোগ্ৰাম) ফাইনেলত পৰাজয়ৰ সৈতে ৰূপৰ পদকত সন্তুষ্ট হ’ব লগা হৈছিল।

বিশ্ব চেম্পিয়নশ্বিপ ২০১৯ৰ ৰূপৰ পদক বিজয়ী পাংঘালে ফিলিপাইনছৰ ৰোজেন লেডেনৰ বিৰুদ্ধে অতি কঠিন প্ৰতিযোগিতাত ৩-২ত পৰাজয়ৰ সন্মুখীন হৈয়। দুয়োজন বক্সাৰৰ মাজত এটা অতি কঠিন যুঁজ দেখা গৈছিল। ভাৰতৰ ২৬ বছৰীয়া পাংঘালে প্ৰথম ৰাউণ্ডত জয়লাভ কৰে কিন্তু লেডেনে পৰৱৰ্তী দুটা ৰাউণ্ডত জয়লাভ কৰি মেচখন নিজৰ নাম কৰি তুলিবলৈ সক্ষম হয়। আনহাতে, কঠিন প্ৰত্যাহ্বান ৰখা স্বত্বেও স্থানীয় বক্সাৰ চুটামুছ ৰাক্সাৰ বিৰুদ্ধে ৫-০ত পৰাজয়ৰ সৈতে মনিকাই ৰূপৰ পদক লাভ কৰে। ভাৰতে প্ৰতিযোগিতাখনত দুটা সোণ, দুটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ সাতটা পদক জিকিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *