তামুলপুৰত ট্ৰাক আৰু ডাম্পাৰৰ ভয়ংকৰ সংঘৰ্ষ, এজনৰ মৃত্যু

দেওবাৰে পুৱতি নিশা তামুলপুৰৰ ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

শিল-বালি কঢ়িয়াই অনা ডাম্পাৰ এখনে কয়লা ভৰ্তি ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়।

সূত্ৰ অনুসৰি কয়লা কঢ়িয়াই অনা ট্ৰাকখনৰ চালকজনৰ থিতাতে মৃত্যু হয়।

অসাৱধানতাৰে গাড়ী চলোৱাৰ বাবে ডাম্পাৰখন হঠাতে ভুল লেনলৈ ঠেলি দি কয়লা কঢ়িয়াই অনা ট্ৰাক ট্ৰাকখনত খুন্দা মৰাৰ ফলত এক বৃহৎ সংঘৰ্ষৰ সৃষ্টি হয়।

দুৰ্ঘটনাটোৰ ফলত ঘাইপথত এক বৃহৎ যান-জঁটৰ সৃষ্টি হয়। স্থানীয় বাসিন্দাসকলে উদ্ধাৰ অভিযানত সহায়ৰ বাবে থিতাতে উপস্থিত হয়।

আৰক্ষীকো ততাতৈয়াকৈ জনোৱা হয়, আৰু আৰক্ষী বিষয়াৰ এটা দল উপস্থিত হৈ ঘটনাৰ তদন্ত কৰে।

কয়লা কঢ়িওৱা ট্ৰাকখনৰ চালকজন ৰঙিয়া নিবাসী মনোজ শৰ্মা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰিবলৈ তদন্ত আৰম্ভ কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *