তামিলনাডুত আবতৰীয়া প্ৰবল বৰষুণ! বন্ধ বিদ্যালয়-মহাবিদ্যালয়..

তামিলনাডুৰ ৰাজধানী চেন্নাইকে ধৰি ৰাজ্যখনৰ বহু জিলাত প্ৰবল বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি ৰাজ্যৰ বহু ঠাইত বজ্ৰপাত, ধুমুহা আৰু প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। আইএমডিৰ সতৰ্কবাণীৰ পিছতে সজাগ হৈ পৰিছে চৰকাৰ। চৰকাৰে চেন্নাই, চেংগালপট্টু, ৰাণীপেট আৰু কাঞ্চিপুৰম জিলাৰ বিদ্যালয় আৰু তিৰুভাল্লুৰ বিদ্যালয়-মহাবিদ্যালয়ত দিনটোৰ বন্ধ ঘোষণা কৰিছে।

২৯ নৱেম্বৰ বুধবাৰে তামিলনাডুৰ বহু জিলাত ধাৰাসাৰ বৰষুণ হৈছিল। যাৰ বাবে বহু ঠাই পানীৰে ভৰি পৰিছিল। এনে বহু ছবি ছ’চিয়েল মিডিয়াত পোহৰলৈ আহিছে, য’ত দেখা গৈছে যে ৰাস্তাবোৰ আঁঠুলৈকে পানীৰে ভৰি আছে। অহা-যোৱাত বহুত সমস্যাৰ সন্মুখীন হৈছে মানুহৰ। অবিৰত বৰষুণৰ বাবে বহু ঠাইত যান-জঁটৰ সৃষ্টি হয়। কেইবা ঘণ্টা পলমকৈ চলি আছে ৰে’ল। এনে পৰিস্থিতিত চেন্নাই নিগমে আৰ্তজনৰ বাবে হেল্পলাইন নম্বৰ জাৰি কৰিছে।

বতৰ বিজ্ঞান বিভাগে ২ আৰু ৩ ডিচেম্বৰত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। এই সময়ছোৱাত ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। আইএমডিৰ মতে, দক্ষিণ-পূব বংগ উপসাগৰ আৰু ইয়াৰ কাষৰীয়া দক্ষিণ আন্দামান সাগৰৰ ওপৰত এটা লক্ষণীয় নিম্ন চাপৰ অঞ্চল আছে, যিটো পশ্চিম-উত্তৰ-পশ্চিম দিশলৈ গতি কৰি আজি বংগ উপসাগৰৰ ওপৰত পৰিণত হোৱাৰ সম্ভাৱনা আছে। আইএমডিয়ে জাৰি কৰা বুলেটিন অনুসৰি এই চাপ ২ ডিচেম্বৰত ঘূৰ্ণীবতাহৰ ধুমুহালৈ পৰিণত হ’ব পাৰে।

বৰষুণ সন্দৰ্ভত ৰাজ্য চৰকাৰ সম্পূৰ্ণ সতৰ্ক হৈ আছে। ঘূৰ্ণীবতাহৰ সতৰ্কবাণীৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে চেন্নাই, চেংগালপেট আৰু ভিল্লুপুৰম জিলাত পাঁচটা এন ডি আৰ এফৰ দল মোতায়েন কৰিছে। বৰষুণ ক্ষতিগ্ৰস্ত অঞ্চলৰ ৰাইজক প্ৰয়োজনীয় সকলো সাহায্য প্ৰদানৰ বাবে বিষয়া, মন্ত্ৰী, বিধায়ক আৰু স্থানীয় সংস্থাৰ প্ৰতিনিধিক নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে।

দক্ষিণৰ বহু ৰাজ্যতো জাৰি কৰা হৈছে সতৰ্কবাণী। ইয়াৰ সমান্তৰালকৈ ৪ ডিচেম্বৰলৈকে অহা পাঁচ দিনত দক্ষিণৰ অন্যান্য ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল যেনে অন্ধ্ৰপ্ৰদেশ, কেৰালা, পুডুচেৰী আৰু কৰাইকালত বৰষুণ আৰু ধুমুহাৰ ভৱিষ্যদ্বাণী কৰিছে। ইয়াৰ লগতে এই স্থানসমূহত বৰষুণৰ বাবেও প্ৰস্তুতি চলোৱা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *