ডিব্ৰুগড়ত বাইপাছত পৰি থকা অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ, দুৰ্ঘটনাত পতিত হোৱাৰ সন্দেহ

দেওবাৰে পুৱতি নিশা ডিব্ৰুগড় জিলাৰ বকুল গাঁৱত এগৰাকী যুৱতীৰ মৃতদেহ আৰু এজন ব্যক্তিক আহত অৱস্থাত ৰাজপথত পৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

দুয়োজনে বাইপাছেৰে গৈ থকা সময়ত পথ দুৰ্ঘটনাত পতিত হৈ যুৱতীগৰাকীৰ মৃত্যু ঘটাৰ সন্দেহ কৰিছে আৰক্ষী আৰু অ্ঞ্চলবাসীয়ে।

মৃত যুৱতীগৰাকীৰ নাম মেহেক শৰ্মা হোৱাৰ বিপৰীতে মৃতদেহৰ ওচৰত অচেতন অৱস্থাত পৰি থকা যুৱকজনৰ নাম আজিজ আহমেদ বুলি চিনাক্ত কৰা হৈছে।

সমান্তৰালভাৱে ঘটনাস্থলীত উদ্ধাৰ হৈছে এখন ইনোভা বাহন।

সূত্ৰৰ পৰা জানিব পৰা মতে, মৃত মহিলাগৰাকীৰ মাতৃয়ে ফাউল প্লে’ৰ অভিযোগ উত্থাপন কৰিছে।

সম্প্ৰতি যুৱকজন আৰক্ষীৰ জিম্মাত।

এই মৰ্মান্তিক ঘটনাৰ পৰিস্থিতি নিৰ্ণয় কৰাৰ লগতে ভুক্তভোগীক চিনাক্তকৰণৰ বাবে তদন্ত অব্যাহত আছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *