ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সমন্বিতে একাংশ বিষয়াৰ কাণ্ড

উজনি অসমৰ উচ্চশিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৌৰৱোজ্জল ঐতিহ্য ম্লান কৰি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড° জিতেন হাজৰিকাৰ উদ্যোগত শিক্ষানুষ্ঠানখনক অপায়-অমংগলৰ পৰা উদ্ধাৰ কৰাৰ নামত বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনত পূজা-পাতল তথা নাম-প্ৰসংগৰ আয়োজন কৰাত ইলোৰা বিজ্ঞান মঞ্চ বিস্মিত হৈছে আৰু এনে অশুভ প্ৰৱণতা তথা অন্ধবিশ্বাসক ধিক্কাৰ জনাইছে। এই সন্দৰ্ভত বিজ্ঞান মঞ্চই প্ৰকাশ কৰা এটা বিবৃতিত কোৱা হয়, সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে বিশ্ববিদ্যালয়খনে শনিগ্ৰহৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যেই উপাচাৰ্য তথা একাংশ বিষয়াৰ উদ্যোগত যোৱা ২০ মে’ শনিবাৰে নাম-প্ৰসংগৰ আয়োজন কৰা হয়। উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত শেহতীয়া ৰেগিং কাণ্ড আৰু প্ৰশাসনিক ক্ষেত্ৰত ব্যাপক দুৰ্নীতি আৰু কেলেংকাৰিৰ ঘটনা পোহৰলৈ অহাত ৰাজ্যৰ শিক্ষাপ্ৰেমী জনসাধাৰণ আজিও উদ্বিগ্ন আৰু ক্ষোভিত। স্বাভাৱিক পৰিৱেশত অসমৰ সাংস্কৃতিক জীৱনৰ আপুৰুগীয়া সম্পদ মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱৰ নাম প্ৰসংগৰ আয়োজন কৰাত আপত্তি থাকিব নোৱাৰে। কিন্তু আধুনিক বিজ্ঞানৰ যুগত এখন উচ্চ শিক্ষানুষ্ঠানক শনি দশাৰ পৰা মুক্তি লাভৰ বাবে জ্যোতিষৰ গণনা তথা বিধান আৰু নাম-প্ৰসংগৰ আয়োজন কোনোপধ্যে গ্ৰহণযোগ্য হ’ব নোৱাৰে। এনে কাণ্ডৰ জৰিয়তে সম্প্ৰতি শিক্ষানুষ্ঠানতো অন্ধবিশ্বাসৰ বেহা মেলা হৈছে। এনে গৰ্হিত আৰু অশুভ কামৰ জৰিয়তে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য আৰু সহযোগীসকলে শৈক্ষিক সম্প্ৰদায় আৰু বিদ্বৎ সমাজৰ মাজতো অন্ধবিশ্বাস বিয়পোৱাৰ চেষ্টা কৰি আধুনিক চিন্তা, বিজ্ঞান আৰু বৈজ্ঞানিক মানসিকতাক ভেঙুচালি কৰিছে আৰু ভাৰতীয় নাগৰিকৰ কৰ্তব্য সন্দৰ্ভত সংবিধানৰ ৫১(এ)-এইছ ধাৰাত সন্নিৱিষ্ট কৰ্তব্য দেখদেখকৈ উলংঘন কৰিছে। লগতে বিনষ্ট কৰিছে ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনৰ দীৰ্ঘদিনৰ সুনাম। তদুপৰি শিক্ষানুষ্ঠানখনৰ জ্ঞানান্বেষী ছাত্ৰসমাজ আৰু বিজ্ঞানমনস্ক শিক্ষক সমাজকো কৰিছে ক্ষুন্ন। উপাচাৰ্য মহাশয়ে নিজা বাসগৃহৰ ভিতৰত থাকি আৰু জপ-তপ-মন্ত্ৰ মাতি পূজা-অৰ্চনা কৰা, জ্যোতিষৰ গণনা কৰি ‘ৰাহু-কেতু-গ্ৰহ দোষৰ’ পৰা মুক্তি বিচৰাটো তেখেতৰ ব্যক্তিগত অধিকাৰ। যি কোনো লোকৰ ব্যক্তিগত বিশ্বাস-অবিশ্বাসত কোনেও হস্তক্ষেপ নকৰে। কিন্তু ৰাজহুৱা স্থানত, বিশেষকৈ শিক্ষানুষ্ঠান তথা জ্ঞান-বিজ্ঞানৰ উচ্চতম কেন্দ্ৰ বিশ্ববিদ্যালয় এখনত এনে ধৰণৰ অন্ধবিশ্বাসৰ আয়োজনক ইলোৰা বিজ্ঞান মঞ্চই এক প্ৰকাৰৰ সামাজিক ব্যাধি তথা অপৰাধ বুলি গণ্য কৰে। উপাচাৰ্য তথা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শিক্ষানুষ্ঠানখনত চলি থকা দুৰ্নীতি আৰু ৰেগিং আদিৰ বিৰুদ্ধে বাস্তৱসন্মত কঠোৰ পদক্ষেপ গ্ৰহণ আৰু সুস্থ শিক্ষাৰ পৰিৱেশ ৰচনা কৰাৰ বাবে উদ্যোগ লোৱাৰ উপৰি তৎকালেই অন্ধবিশ্বাসক সাৰ-পানী যোগোৱা কৰ্মকাণ্ডসমূহ বন্ধ কৰা উচিত। যোৱা ২০ মে’ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যি কলংকিত অধ্যায়ৰ সূচনা কৰা হ’ল, তাৰ বিৰুদ্ধে সকলো অংশৰ শিক্ষাপ্ৰেমী আৰু বিজ্ঞানমনস্ক লোকক সোচ্চাৰ হোৱাৰ বাবে ইলোৰা বিজ্ঞান মঞ্চই আহ্বান জনাইছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *