ডিগবৈত সতীৰ্থ জোৱানক গুলীয়াই হত্যা AISF জোৱানৰ

মঙলবাৰে পুৱা এজন সতীৰ্থক গুলীয়াই হত্যা কৰাৰ অভিযোগত অসম ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ এজন জোৱানক গ্ৰেপ্তাৰ কৰা হয়।

ডিগবৈ চহৰৰ মুলিয়াবাৰী পথত অৱস্থিত এ আই এছ এফৰ শিবিৰৰ পৰা এই ঘটনাৰ খবৰ পোৱা গৈছে।

সূত্ৰ অনুসৰি উদেশ মাঝি নামৰ অভিযুক্ত জোৱানজনে আজি পুৱা শিবিৰ চৌহদৰ ভিতৰতে নিজৰ চাৰ্ভিচ ৰাইফলেৰে সহকৰ্মীক গুলীয়াই হত্যা কৰে।

মৃত জোৱানজনৰ নাম বিমল ওৰাং।

ইফালে স্থানীয় আৰক্ষীয়ে উদেশক গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰে।

ধৃত জোৱানজনক জেৰা কৰাৰ পিছত এই হত্যাকাণ্ডৰ কাৰণ নিৰ্ণয় কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *