ডিএছপি মিউচুৱেল ফাণ্ডৰ ডিএছপি নিফটি আইটি ইটিএফ মুকলি কৰাৰ কথা ঘোষণা

ডিএছপি মিউচুৱেল ফাণ্ডে ডিএছপি নিফটি আইটি ইটিএফ মুকলি কৰিছে, ডিএছপি মিউচুৱেল ফাণ্ড হৈছে নিফটি আইটি সূচকাংকৰ প্ৰতিলিপি কৰা এক অপেন-এণ্ডেড(মুক্ত-সমাপ্ত) ইটিএফ। ইটিএফৰ লক্ষ্য হৈছে ভাৰতীয় তথ্যপ্ৰযুক্তি প্ৰতিষ্ঠানবোৰৰ দীৰ্ঘম্যাদী বৃদ্ধিৰ পৰা বিনিয়োগকাৰীসকলক লাভান্বিত কৰা, যিয়ে ভাৰতৰ জিডিপি আৰু বজাৰৰ অংশীদাৰিত্বত গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে। এই খণ্ডটোৰ ধাৰাবাহিক বৃদ্ধি আৰু কম আয়ৰ পৰিৱৰ্তনশীলতাৰ ফলত বিনিয়োগকাৰীৰ পৰা অধিক আয়ৰ বহুগুণ বৃদ্ধি পাইছে।

ভাৰতীয় তথ্যপ্ৰযুক্তি খণ্ডই ৰাজহ প্ৰবাহৰ সৈতে বিশ্বব্যাপী সংস্পৰ্শ(এক্সপ’জাৰ) প্ৰদান কৰে আৰু ঘৰুৱা বিপদ আশংকাৰ পৰা ইকুইটি পৰ্টফলিঅ’ৰ বৈচিত্ৰ্য প্ৰদান কৰে। ইয়াৰ আৰ্থিক শক্তি বিশ্বব্যাপী সম প্ৰবাহ(পিৰ)ৰ তুলনাত উচ্চ আৰঅ’ই আৰু আৰঅ’এত প্ৰতিফলিত হয়। অৱশ্যে, নিফটি আইটি সূচকাংকই ১.৫ বছৰৰ বাবে নিফটি ৫০ত নিম্ন প্ৰদৰ্শন কৰিছে। যাৰ ফলত এই খণ্ডটোৰ প্ৰদৰ্শনৰ পৰিৱৰ্তন(টাৰ্ণ আউট) ঘটিছে আৰু নিফটি ৫০ত তথ্য প্ৰযুক্তিখণ্ডৰ গৰিমা বা ওজন হ্ৰাস পাইছে। এই সন্দৰ্ভত ডিএছপি মিউচুৱেল ফাণ্ডৰ পেচিভ ইনভেষ্টমেণ্ট এণ্ড প্ৰডাক্টছৰ মুৰব্বী তথা চিএফএ- অনিল ঘেলানীয়ে কয় যে, “আমি বিশ্বাস কৰোঁ যে বৰ্তমানৰ স্তৰত মূল্যায়ন গড় বহুগুণ বৃদ্ধি পাইছে আৰু বিশ্বব্যাপী তথ্যপ্ৰযুক্তি খণ্ডৰ আন প্ৰতিষ্ঠানৰ তুলনাত এই খণ্ডৰ বহুতো কোম্পানী আৰ্থিকভাৱে লাভৱান আৰু কম খৰচী যেন অনুমান হয়।”

নিফটিৰ আইটি সূচকাংকই ৰোলিং ৰিটাৰ্ণৰ ক্ষেত্ৰত নিফটি ৫০ক অতিক্ৰম কৰিছে। কিন্তু বিনিয়োগকাৰীসকলে বিবিধ শ্ৰেণীৰ ইকুইটি ফাণ্ডৰ তুলনাত ছেক্টৰ(খণ্ড) আৰু ষ্টক স্তৰৰ কেন্দ্ৰীভূতকৰণৰ বিপদাশংকা, তীব্ৰ অস্থিৰতা আৰু হ্ৰস্বম্যাদী নিম্ন প্ৰদৰ্শনৰ কথা বিবেচনা কৰা উচিত।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *