ডিজিটেল ডেস্কঃ কমনৱেলথ গেমছত দুবাৰৰ স্বৰ্ণ পদক বিজয়ী সঞ্জিতা চানুৰ বিৰুদ্ধে ড’প টেষ্টত ব্যৰ্থ হোৱাৰ বাবে নেশ্যনেল এণ্টি ড’পিং এজেন্সীৰ অনুশাসনমূলক পেনেলে চাৰি বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে।
চানুৰ পৰীক্ষাত ড্ৰষ্টান’লন মেটাব’লাইট নামৰ এনাবলিক ষ্টেৰইড পজিটিভ পোৱা গৈছে যিটো বিশ্ব এণ্টি ড’পিং এজেন্সীৰ নিষিদ্ধ তালিকা (ৱাডা)ত আছে।
উল্লেখযোগ্য যে ২০২২ চনৰ ৩০ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাৰ সময়ত চানুৰ ড’পৰ নমুনা সংগ্ৰহ কৰা হৈছিল।