ডঃ দীনেশ বৈশ্যৰ ‘তেজ আৰু চকুলোৰে নগা – গাথা’ গ্ৰন্থ উন্মোচন

গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ দীনেশ বৈশ্যৰ ‘তেজ আৰু চকুলোৰে নগা – গাথা’ নামৰ গ্ৰন্থখন মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় । নগা সকলৰ ইতিহাসকে ধৰি তেওঁলোকৰ জীৱন গাথাক লৈ ডঃ দীনেশ বৈশ্যই ৰচনা কৰিছে গ্ৰন্থখন । আনহাতে গ্ৰন্থখন উন্মোচন কৰে নাগালেণ্ডৰ গৱেষকদ্বয় জংটছ টেৰইকা আৰু ডঃ সুজান ভেনিও , গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ অখিল ৰঞ্জন দত্তই । আনহাতে ডঃ ৰাণু বৈশ্যৰ গীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত নাগালেণ্ডৰ গৱেষকদ্বয় জংটছ টেৰইকা আৰু ডঃ সুজান ভেনিওৱে নাগালেণ্ডৰ পটভূমিত নিজৰ অভিজ্ঞতাৰে এখন গ্ৰন্থ ৰচনা কৰা বাবে লেখক ডঃ দীনেশ বৈশ্যৰ শলাগ লয় আৰু গ্ৰন্থখনে উঠি অহা প্ৰজন্মক উপকৃত কৰিব বুলি আশা ব্যক্ত কৰে । অনুষ্ঠানত বিশেষ বক্তৃতা প্রদান কৰি অধ্যাপক ডঃ অখিল ৰঞ্জন দত্তই নগা পাহাৰৰ লোক সকলে স্বাধীনতাৰ বাবে কৰা আন্দোলন , অসমীয়াৰ লগত নগা সকলৰ সম্পৰ্ক , ভাৰতীয় সকলৰ প্ৰতি সাধাৰণ নগা লোক সকলৰ ভাবৰ পৰা আৰম্ভ কৰি বিশিষ্ট সাংবাদিক তথা আমাৰ অসমৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীৰ ৰাজনীতিৰ অলিয়ে গলিয়ে সন্দৰ্ভত বিভিন্ন বিষয়ত আলোকপাত কৰে আৰু ডঃ দীনেশ বৈশ্যৰ গ্ৰন্থখনে বহু লোকৰ নগা সকলৰ প্ৰতি থকা নেতিবাচক ধাৰণা আঁতৰ কৰিব বুলি আশা প্ৰকাশ কৰে । অনুষ্ঠানত প্ৰাক্তন আলফা নেতা মৃণাল হাজৰিকাই চমু ভাষণত আলফাত থকাৰ সময়ত নাগালেণ্ডত লাভ কৰা অভিজ্ঞতাৰ বিষয়ে সদৰি কৰে । অনুষ্ঠানত ডঃ দীনেশ দাসে গ্ৰন্থখন সন্দৰ্ভত তেওঁৰ অভিজ্ঞতা ব্যক্ত কৰে । আনহাতে অনুষ্ঠানৰ আঁত ধৰে কমল মেধিয়ে ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *