বিশ্বৰ প্ৰাক্তন এক নম্বৰ চিমোনা হালেপে ব্ৰাজিলৰ বিট্ৰিজ হাদ্দাদ মাইয়াক পৰাস্ত কৰি টৰণ্টো অ’পেনৰ খিতাপ জয় কৰে। ৰোমানিয়াৰ হালেপে তেওঁৰ ব্ৰাজিলিয়ান প্ৰতিদ্বন্দীক ৬-৩, ২-৬, ৬-৩ পৰাস্ত কৰি ডব্লিউটিএ ৰেংকিঙৰ শীৰ্ষ ১০ লৈ উভতি অহাটো নিশ্চিত কৰে। উল্লেখ্য যে হালেপে কানাডাত জয়লাভ কৰি তৃতীয়বাৰৰ বাবে নেচনেল বেংক অ’পেন খিতাপ জয় কৰিছিল। টৰণ্টোত এইটো হালেপৰ প্ৰথম জয় আছিল, আনহাতে তেওঁৰ অন্তিম নেচনেল বেংক অ’পেন খিতাপ মণ্ট্ৰিয়েলত জিকিছিল।