চফটৱেৰ খণ্ডৰ উদ্যোগৰ অগ্ৰণী প্ৰতিষ্ঠান টেলি ছলিউচনে দেশৰ অৰ্থনৈতিক উন্নতিৰ প্ৰয়াসেৰে ব্যৱসায়ী আৰু উদ্যোগীসকলক স্বীকৃতি প্ৰদানৰ বাবে বাৰ্ষিক ‘এমএছএমই সন্মান’ৰ তৃতীয় সংস্কৰণৰ পদক্ষেপৰ কথা ঘোষণা কৰিছে। এই সন্মানৰ জৰিয়তে তৃণমূল পৰ্যায়ত তেওঁলোকৰ শ্ৰেষ্ঠ পদ্ধতিৰ জৰিয়তে এমএছএমইসমূহৰ বিবিধতা আৰু ইতিবাচক প্ৰভাৱক স্বীকৃতি আৰু উদযাপন কৰা। লগতে সামগ্ৰিক স্বীকৃতি প্ৰদানৰ জৰিয়তে চহৰ, খণ্ড আৰু অৰ্থনীতি পৰিচালনাৰ আঁৰৰ অখ্যাত নায়কসকলৰ কামক উদযাপন কৰা।
এম এছ এম ই অনাৰ্ছৰ দ্বিতীয় সংস্কৰণত ভাৰতৰ মুঠ ১,৪৮৭খন নগৰ আৰু চহৰৰ পৰা ২,০০০ মনোনয়ন লাভ কৰে আৰু আন্তঃৰাষ্ট্ৰীয় এম এছ এম ই দিৱসত ৯৮টাতকৈও অধিক ব্যৱসায়িক প্ৰতিষ্ঠানক স্বীকৃতি আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এইবৰ্ষত, এই পদক্ষেপে ভাৰত, সংযুক্ত আৰব আমিৰশ্বাহী(UAE), চৌদি আৰব, বাংলাদেশ, নেপাল, ইণ্ডোনেছিয়া আৰু আফ্ৰিকাৰ উত্কৃষ্ট প্ৰদৰ্শন কৰা ব্যৱসায়ীসকলক সম্বৰ্ধনা জনোৱা হ’ব। টেলিৰ ২৩ লাখ+ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ অনুজ্ঞাপত্ৰ, ২৮ হাজাৰ অংশীদাৰ আৰু ১.৩৫ লাখ চাৰ্টাৰ্ড একাউণ্টেণ্টৰ শক্তিশালী নেটৱৰ্কে বিজয়ীসকলক নিৰ্বাচিত কৰিব। বৈধ GSTIN থকা আৰু ২৫০ কোটি টকাতকৈ কম টাৰ্নঅভাৰৰ ব্যৱসায় কৰা সকলে এই স্বীকৃতিৰ বাবে অংশগ্ৰহণ কৰিব পাৰে।
আগ্ৰহী উদ্যোগীসকলে ২০২৩ চনৰ ১০ মে’ৰ ভিতৰত https://tallysolutions.com/msme-honoursৰ জৰিয়তে নিজৰ প্ৰৱেশ পত্ৰ জমা দিব পাৰিব। এই সন্দৰ্ভত টেলি ছলিউচনৰ মুখ্য বিপণন বিষয়া জয়তী সিঙে কয় যে, “এই স্বীকৃতিৰ বিষয়ে বছৰজুৰি বিভিন্ন প্লেটফৰ্মত প্ৰচাৰ কৰা হ’ব যাৰ জৰিয়তে দেশৰ উদ্যোগীকৰণৰ সক্ষমতা বৃদ্ধি তথা উন্নয়ন আৰু অধিক বৃদ্ধি কৰিব পাৰে।”