বিশ্বৰ প্ৰাক্তন শীৰ্ষ নম্বৰৰ তাৰকা এছ বাৰ্টিৰ টেনিছলৈ উভতি অহাৰ বা আন কোনো খেল গ্ৰহণ কৰাৰ কোনো ইচ্ছা নাই।
মেলবৰ্ণ পাৰ্কত তেওঁৰ আত্মজীৱনী মুকলি কৰাৰ সময়ত ভাষণ দি ২৬ বছৰীয়া তাৰকাগৰাকীয়ে কয় যে তেওঁৰ উচ্চ পৰ্যায়ৰ ক্ৰীড়ালৈ উভতি অহাৰ কোনো ইচ্ছা নাই আৰু ভৱিষ্যতে এনে নকৰে। এই বছৰৰ আৰম্ভণিতে অষ্ট্ৰেলিয়ান অ’পেন জয় কৰা বাৰ্টিয়ে সোমবাৰে অষ্ট্ৰেলিয়ান এছ’চিয়েটেড প্ৰেছক কয়, ‘টেনিছ জগতত মোৰ উভতি অহাৰ কোনো ইচ্ছা নাই। মই যি প্ৰাপ্ত কৰিব লাগিছিল সেয়া কৰিছো।’
বাৰ্টিয়ে তিনিটা গ্ৰেণ্ড শ্লেম খিতাপ জিকিছে আৰু ১২১ সপ্তাহ ধৰি তেওঁ বিশ্বৰ এক নম্বৰ হৈ আছিল। তেওঁ ব্ৰিছবেন হিটৰ হৈ পেছাদাৰী ক্ৰিকেটো খেলিছে আৰু গল্ফত অংশ লৈ আছে। ইয়াৰ ফলত অনুমান কৰা হৈছিল যে তেওঁ টেনিছ এৰি দিয়াৰ পিছত আন এখন খেলত দৃষ্টি দিব ধৰিছে। কিন্তু তেওঁৰ আত্মজীৱনী ‘মাই ড্ৰীম টাইম’ মুকলি কৰোঁতে বাৰ্টীয়ে স্পষ্ট কৰি দিছে যে তেওঁ তেওঁৰ নতুন জীৱনত অত্যন্ত সুখী আৰু পেছাদাৰী ক্ৰীড়ালৈ উভতি অহাৰ কোনো ইচ্ছা নাই। তেওঁ কয়-মই মোৰ জীৱনত কেতিয়াও অনুভৱ কৰা নাই যে এনে এক শূন্যতা আছে যিটো পূৰণ কৰিব লাগিব কিয়নো মই যি প্ৰাপ্ত কৰিব লাগিছিল সেয়া কৰিছো।
টেনিছলৈ উভতি অহাৰ ইচ্ছা নাই এছ বাৰ্টিৰ
