টেকো বেলৰ “ক্ৰেভ এণ্ড চেভ” মেনু আৰম্ভ হৈছে মাত্ৰ 69* টকাত

টেকো বেল ইণ্ডিয়াই মাত্ৰ 69* টকাতে এতিয়া সুস্বাদু আৰু আনন্দদায়ক “ক্ৰেভ এণ্ড ছেভ” মেনু আগবঢ়াইছে, য’ত উপলব্ধ হৈছে ছবিধ মেক্সিকান-অনুপ্ৰাণিত খাদ্য। এই ভেল্যু-ফৰ-মেনুত তিনিবিধ নিৰামিষ বিকল্প আছে, য’ত আছে ক্ৰিস্পি পটেটো টেকো, ক্ৰিস্পি পটেটো ৰেপ আৰু চীজ কুৱেছাডিলা, যিবোৰ এতিয়া 69 টকাৰ পৰাই লাভ কৰিব।

আমিষ ভোজীসকলৰ বাবেও আছে তিনিটা বিকল্প: ক্ৰিস্পি চিকেন টেকো, ক্ৰিস্পি চিকেন ৰেপ আৰু চিজি চিকেন কুৱেছাডিলা, যাৰ মূল্য 99 টকা। এই মেনুখন মুকলি কৰিবলৈ টেকো বেল ইণ্ডিয়াই সামাজিক মাধ্যমৰ প্লেটফৰ্মবোৰত ১০ ছেকেণ্ডৰ এটা  সামগ্ৰী সৃষ্টিশীল ভিডিঅ’ প্ৰস্তুত কৰি ডিজিটেল প্ৰচাৰ আৰম্ভ কৰিব। মেনুখনৰ উদ্দেশ্য হৈছে প্ৰতিবাৰৰ আহাৰকে যাতে এক স্মৰণীয় অভিজ্ঞতা প্ৰদান কৰিব পাৰে। গ্ৰাহকসকলে এতিয়া টেকো বেল এপ বা খাদ্য সংগ্ৰহকাৰীৰ জৰিয়তে অনলাইন অৰ্ডাৰ দিব পাৰে।

ভাৰতত টেকো বেলৰ এক্সক্লুছিভ ফ্ৰেঞ্চাইজি অংশীদাৰ বুৰ্মন হস্পিটেলিটী প্ৰাইভেট লিমিটেডৰ চিইঅ’ হৰনীত সিং ৰাজপালে কয় যে, ”এই মেনুখনে পৰিৱৰ্তিত ডাইনিং লেণ্ডস্কেপ(খাদ্যৰ পটভূমি)ৰ প্ৰতি লক্ষ্য ৰাখিছে আৰু যুৱ প্ৰজন্মৰ জেন জেড গ্ৰাহকৰ বাবে এক ব্যতিক্ৰমী অভিজ্ঞতা প্ৰদান কৰিব। যিহেতু আজিৰ বজাৰত ব্ৰেণ্ডৰ বিবেচনাক প্ৰভাৱিত কৰা এটা ডাঙৰ কাৰক হৈছে ভেল্যু ফৰ মানি, আমি গ্ৰাহকসকলক নিজৰ সঞ্চয়ৰ সুবিধাৰ লগতে হেঁপাহ পূৰণ কৰি লোভ পূৰণ আৰু ভোক দূৰ কৰিবলৈ আদৰণি জনাইছো।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *