টিৰাপ আৰু বুঢ়ীদিহিং নৈৰ জলস্তৰ বৃদ্ধি, মাৰ্ঘেৰিটাৰ ৫০ খন গাওঁ বানৰ কৱলত

54

ৰাজ্যত জটিল ৰূপ ধাৰণ কৰিছে আহাৰমহীয়া বানে। বানৰ ফলত ৰাজ্যৰ ১৯ খন জিলাৰ ১,২৭৫ খন গাওঁ প্লাবিত হৈছে। মৃতকৰ সংখ্যাও ৩৫ জনলৈ বৃদ্ধি পাইছে। নেৰানেপেৰা বৰষুণৰ মাজতে ভুটানৰ কুৰিষ্ণু আৰু নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ অতিৰিক্ত পানী এৰি দিয়াৰ পৰিণতিত ৰাজ্যৰ ১৯খন জিলাত বানে বিভীষিকা সৃষ্টি কৰিছে। বান পৰিস্থিতিক লৈ চিন্তা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালেও মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক টেলিফোন কৰি বানৰ কৱলত পৰা ৰাইজক উদ্ধাৰ আৰু সহায়ৰ বাবে তৎপৰ হোৱাৰ পৰামৰ্শ দিছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বৰপেটা, নলবাৰী, বঙাইগাঁও, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়াত অৰেঞ্জ এলার্ট জাৰি কৰিছে। আগন্তুক পাঁচদিনত এই জিলাকেইখনত অধিক বৰষুণৰ আগজাননী পোৱাত প্রশাসনে অতিৰিক্ত সাহায্য শিবিৰ স্থাপনৰ বাবেও প্রস্তুতি চলাইছে। অৰুণাচল প্রদেশ আৰু ভূটানত অতিপাত বৰষুণ হোৱাৰ ফলত দৈনিক নন অঞ্চল পানীত বুৰ গৈছে। ৰাজ্যৰ দুৰ্যোগ ব্যবস্থাপনা বিভাগৰ তথ্য মতে, ব্রহ্মপুত্র আৰু ইয়াৰ সকলো উপনৈৰ জলপৃষ্ঠ ক্রমে বাঢ়ি থকাত অধিক জিলা বানৰ কৱলত পৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৃহৎ অঞ্চল বানৰ কৱলত পৰিছে। ৰাষ্ট্ৰীয় উদ্যানৰ ২২৩টা বন শিবিৰৰ ভিতৰত ৬১টা শিবিৰ প্লাবিত হোৱাত জীৱ – জন্তুবোৰে ওখ ঠাইত আশ্রয় লৈছে। আনহাতে, নেৰানেপেৰা বৰষুণৰ ফলত দ্রুতগতিত বৃদ্ধি পাইছে বুঢ়ীদিহিং আৰু টিৰাপ নৈৰ জলস্তৰ। খবৰ অনুসৰি মাৰ্ঘেৰিটাৰ ৫০ খনৰো অধিক গাঁও বানৰ কৱলত। আনহাতে, তেজপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভোমোৰাগুৰি গাঁৱত ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে ভোমোৰাগুৰি-ভোজখোৱা গাঁও সংযোগী গড়কাপ্টানি পথ ভাঙি নিয়ে।