টাটা মটৰ্ছে #JET সংস্কৰণ আৰম্ভ কৰিছে

টাটা মটৰ্ছে মুকলি কৰিলে নতুন #JET সংস্কৰণ। যি হৈছে হাই এছইউভি-ৰ লাইন-আপৰ এক নতুন সংস্কৰণ। উৎসৱৰ বতৰৰ প্ৰতি লক্ষ্য কৰি এই অনন্য আৰু বিলাসী লাইন-আপটো ‘বিজনেছ জেট’ৰ দ্বাৰা অনুপ্ৰাণিত হৈ প্রস্তুত কৰা হৈছে আৰু ই বিলাসিতা বিচৰা গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিব।

এই এক প্ৰকাৰৰ সংস্কৰণত টাটা মটৰ্ছৰ ফ্লেগশ্বিপ ৬/৭-আসনৰ এছইউভি অন্তৰ্ভুক্ত আছে – চাফাৰী, কোম্পানীৰ প্ৰিমিয়াম ৫-আসনৰ এছইউভি – হেৰিয়াৰ আৰু ভাৰতৰ নম্বৰ ১ এছইউভি- টাটা নেক্সন। #JETEdition ২৭ আগষ্টৰ পৰা আৰম্ভ কৰি টাটা মটৰ্ছৰ সকলো কৰ্তৃত্বপ্ৰাপ্ত ডিলাৰশ্বিপত উপলব্ধ হ’ব।

 মুকলি অনুষ্ঠানত ভাষণ প্ৰদান কৰি টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেডৰ বিক্ৰী, বিপণন আৰু গ্ৰাহক সেৱাৰ উপাধ্যক্ষ শ্ৰীযুত ৰাজেন আম্বাই কয়, “আমাৰ নম্বৰ ১ এছইউভি স্থিতি আৰু আমাৰ নিউ ফৰেভাৰ ব্ৰেণ্ডৰ প্ৰতিশ্ৰুতি অনুসৰি আমি আমাৰ চাফাৰী, হেৰিয়াৰ আৰু নেক্সন পৰ্টফলিঅ’ত সম্পূৰ্ণ নতুন #JET সংস্কৰণ প্ৰৱৰ্তন কৰি উৎফুল্লিত হৈছোঁ, এই উৎসৱৰ বতৰত গ্ৰাহকসকলৰ বাবে অধিক আনন্দ যোগ দিছো।”

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *