টাটা মটৰ্ছে ২০২৩ চনৰ আগষ্টত মুঠ ৭৮,০১০ ইউনিট বিক্ৰীৰ কথা প্ৰকাশ কৰিছে

২০২৩ চনৰ আগষ্ট মাহত টাটা মটৰ্ছ লিমিটেডৰ বিক্ৰী ৭৮,০১০খন হৈছিল, ২০২২ চনৰ আগষ্ট মাহত এই পৰিমাণ আছিল ৭৮,৮৪৩খন বাহন। ২০২৩ চনৰ আগষ্ট মাহত ঘৰুৱা বিক্ৰীৰ প্ৰদৰ্শন আছিল ৭৬,২৬১খন, ইয়াৰ তুলনাত ২০২২ চনৰ আগষ্ট মাহত আছিল এই পৰিমাণ আছিল ৭৬৪৭৯ খন, যি পূৰ্বৰ বছৰৰ তুলনাত ০% পৰিৱৰ্তন দেখুৱাইছে।

২০২৩ চনৰ আগষ্ট মাহত বাণিজ্যিক বাহন বা চিভিৰ ঘৰুৱা বিক্ৰী ৪.৯% বৃদ্ধি পাইছে, যি পূৰ্বৰ বছৰত এি পৰিমাণ আছিল ৩০,৭৪৮। ২০২৩ চনৰ আগষ্ট মাহত বাণিজ্যিক বাহনৰ মুঠ চিভি আছিল ৩২,০৭৭, যি পূৰ্বৰ বছৰৰ তুলনাত ১.৯% বৃদ্ধি পাইছে।

২০২৩ চনৰ আগষ্ট মাহত এমএইছ এণ্ড আইচিভিৰ ঘৰুৱা বিক্ৰী ১৩,৩০৬ ইউনিটলৈ বৃদ্ধি পাইছে, ইয়াৰ বিপৰীতে ২০২২ চনৰ আগষ্ট মাহত ১২,০৬৯ ইউনিট আছিল। একেদৰে ২০২৩ চনৰ আগষ্ট মাহত ইভিসহ পিভি ডমেষ্টিক বিক্ৰী হৈছিল ৪৫,৫১৩, যি পূৰ্বৰ বছৰৰ তুলনাত -৩.৫% হ্ৰাস পাইছে। ২০২৩ চনৰ আগষ্ট মাহত ইভিকে ধৰি মুঠ পিভি ৪৫,৯৩৩ হৈছিল, যি আগৰ বছৰৰ তুলনাত -৩% হ্ৰাস পাইছে। আনহাতে, ২০২২ চনৰ আগষ্ট মাহত এই পৰিমাণ আছিল ৪৭,৩৫১।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *