চণ্ডীগড়ত টাটা মটৰ্ছে চতুৰ্থটো পঞ্জীয়নভুক্ত বাহন স্ক্ৰেপিং সুবিধা (আৰ ভি এছ এফ) মুকলি কৰিছে। ‘ৰি.উই.ৰি – ৰিচাইকল উইথ ৰেস্পেক্ট’ নামেৰে নামকৰণ কৰা এই সুবিধাই পৰিৱেশ অনুকূল প্ৰক্ৰিয়া ব্যৱহাৰ কৰে আৰু বছৰি ১২,০০০ এণ্ড-অফ-লাইফ বাহনসমূহ স্ক্ৰেপ কৰিব পাৰে। ইয়াক টাটা মটৰ্ছৰ অংশীদাৰ দাদা ট্ৰেডিং কোম্পানীয়ে বিকশিত আৰু পৰিচালিত কৰিছে আৰু বাহনৰ ব্ৰেণ্ড যিয়েই নহওক কিয়, যাত্ৰী আৰু বাণিজ্যিক দুয়োবিধ বাহনকে স্ক্ৰেপ কৰিব পাৰে। জয়পুৰ, ভুৱনেশ্বৰ, আৰু চুৰাটত টাটা মটৰ্ছৰ পূৰ্বৰ তিনিটা আৰভিএছএফৰ সফলতাৰ পিছতে এই সুবিধা মুকলি কৰিছে। এই সুবিধাৰ শুভাৰম্ভণিয়ে দায়িত্বশীল উৎপাদন আৰু সেউজ পৰিৱেশ সৃষ্টিৰ প্ৰতি টাটা মটৰ্ছৰ প্ৰতিশ্ৰুতি সূচাইছে। এই সুবিধাই বাহনৰ গৰাকীসকলক নিজৰ পুৰণি, প্ৰদূষণকাৰী বাহনবোৰ অৱসৰ ল’বলৈ বা সামৰি থ’বলৈ উৎসাহিত কৰি নতুন, সুৰক্ষিত আৰু অধিক ইন্ধন-কাৰ্যক্ষম বাহন গ্ৰহণৰ বাবে সক্ষম কৰি তোলে।
ৰি.উই.ৰিয়ে বাণিজ্যিক আৰু যাত্ৰীবাহী বাহনৰ বাবে চেল-টাইপ আৰু লাইন-টাইপ ডিছমেণ্টেলিং আৰু কাগজবিহীন কাৰ্য-কলাপৰ ব্যৱস্থা কৰে। এই ফেচিলিটীত টায়াৰ, বেটাৰী, ইন্ধন, তেল, তৰল পদাৰ্থ আৰু গেছৰ দৰে উপাদানসমূহ নিৰাপদে ভাঙি পেলোৱাৰ বাবে নিৰ্দিষ্ট ষ্টেচন আছে। সতৰ্ক ডকুমেণ্টেচনে উপাদানসমূহৰ সুৰক্ষিত নিষ্কাশন নিশ্চিত কৰে আৰু বাহনৰ স্ক্ৰেপেজ নীতিসমূহ অনুসৰণ কৰে, লগতে অটোমোটিভ উদ্যোগত বহনক্ষম পদ্ধতিসমূহৰ প্ৰসাৰ-প্ৰচাৰ কৰিছে।
এই গুৰুত্বপূৰ্ণ উদ্বোধন সন্দৰ্ভত মন্তব্য কৰি টাটা মটৰ্ছৰ যাত্ৰীবাহী বাহন আৰু টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটীৰ পৰিচালন সঞ্চালক শৈলেশ চন্দ্ৰই কয় যে, “আজি আমি চণ্ডীগড়ত স্ক্ৰেপেজ সুবিধা উদ্বোধন এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।”