ভাৰতৰ অগ্ৰণী অটোমোবাইল প্ৰতিষ্ঠান টাটা মটৰ্ছে ভাৰতত নতুন প্ৰজন্মৰ জেনছেটৰ ৰেঞ্জ মুকলি কৰিছে। এই উচ্চ-কাৰ্যক্ষম(হাই ফাৰ্ফমেঞ্চ) জেনছেটবোৰ উন্নত চিপিচিবি আইভি+ ইঞ্জিনৰ দ্বাৰা চালিত আৰু ২৫কেভিএৰ পৰা ১২৫কেভিএৰ ভিতৰত কনফিগাৰেচনত উপলব্ধ। এই ইন্ধন-দক্ষ(ফুৱেল এফিচিয়েণ্ট) জেনছেটবোৰৰ শক্তিশালী ব্লক লোডিং ক্ষমতা আছে। যাৰ ফলত পৰিচালনা ব্যয় হ্ৰাস হয় আৰু ব্যৱসায়ৰ বাবে নিৰৱচ্ছিন্ন বিদ্যুৎ বা শক্তি প্ৰদান কৰে।
টাটা মটৰ্ছৰ আৰ এণ্ড ডি সুবিধাত ডিজাইন আৰু বিকশিত কৰা এই ইঞ্জিনসমূহ বিভিন্ন প্ৰয়োগৰ বাবে উপযোগী। টাটা মটৰ্ছ জেনছেটে ইন্ধন কাৰ্যক্ষমতা, ব্লক লোডিং ক্ষমতা, কম পৰিচালনা ব্যয়, অবিৰত পাৱাৰ ডেলিভাৰী, বিভিন্ন এপ্লিকেচন আৰু বিশেষভাৱে গ্ৰাহক সমৰ্থন আগবঢ়ায়। টাটা মটৰ্ছ জেনছেটছত সেউজ, পৰিষ্কাৰ ইঞ্জিন আছে, যিয়ে মজলীয়া আৰু ক্ষুদ্ৰ উদ্যোগ, ৰিয়েল ইষ্টেট, স্বাস্থ্যসেৱা, আতিথ্য, টেলিকম, ৰেণ্টেল এপ্লিকেচন, অফিচ আৰু ৱেৰহাউচৰ দৰে বিভিন্ন উদ্যোগৰ বাবে সেৱা আগবঢ়ায়। এই সংহত আৰু ফুৱেল এফিচিয়েণ্ট জেনছেটবোৰে গ্ৰাহকসকলক প্ৰশান্তি প্ৰদান কৰে।
এই সন্দৰ্ভত সদৰি কৰি টাটা মটৰ্ছৰ স্পেয়াৰ্ছ এণ্ড নন-ভেহিকেল বিজনেছ – কমাৰ্চিয়েল ভেহিকেলছৰ ছিনিয়ৰ ভাইচ প্ৰেচিডেণ্ট আৰ ৰামকৃষ্ণনে কয় যে, “ভাৰতীয় বাহনৰ বজাৰত আগশাৰীৰ টাটা মটৰ্ছ জেন ছেটছ মুকলি কৰি আমি অতিশয় আনন্দিত হৈছোঁ। এই অত্যাধুনিক উন্নত মানৰ জেনছেটবোৰে ভাৰতৰ উদ্যোগ, আন্তঃগাঁথনি আৰু প্ৰগতিৰ শক্তিশালীকৰণৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি আৰু অধিক শক্তিশালী কৰিলে।”