টয়োটা কিৰ্লোস্কাৰ মটৰে আগবঢ়াইছে ৫ বছৰৰ বাবে ৰোডছাইড এছিচটেঞ্চ প্ৰগ্ৰাম

টয়োটা কিৰ্লোস্কাৰ মটৰে(টিকেএম) গ্ৰাহকৰ সন্তুষ্টি বৃদ্ধি আৰু মানসিক শান্তি প্ৰদানৰ লক্ষ্যৰে নতুন বাহন ক্ৰয়ৰ দিনটোৰ পৰা ৫ বছৰৰ বাবে বিনামূলীয়া পথৰ কাষৰ সহায়(ৰডচাইড এছিচটেঞ্চ প্ৰগ্ৰাম) কাৰ্যসূচী প্ৰৱৰ্তন কৰিছে। এই কাৰ্যসূচীত বাহন ভাঙি যোৱা বা বিজুতি আৰু দুৰ্ঘটনা সম্পৰ্কীয় টাৱিং সমৰ্থন, মৃত(ডেড) বেটাৰীৰ বাবে জাম্প ষ্টাৰ্ট, টায়াৰ পাংচাৰ মেৰামতি, কম ইন্ধনৰ মাত্ৰা বা বাহনৰ মূল সমস্যাত সহায় আৰু ৫০ কিলোমিটাৰ পৰ্যন্ত দূৰত্বৰ বাবে টেক্সিৰ ব্যৱস্থা ইত্যাদি অত্যাৱশ্যকীয় বৈশিষ্ট্যসমূহ সামৰি লোৱা হৈছে। ২০১০ চনত আৰম্ভ হোৱা আৰএছএ কাৰ্যসূচী টিকেএমৰ গ্ৰাহক-কেন্দ্ৰিক দৃষ্টিভংগীৰ এক অবিচ্ছেদ্য অংশ হৈ আহিছে, যিয়ে জৰুৰীকালীন প্ৰয়োজনৰ সময়ত তাৎক্ষণিক ৰডচাইড এছিচটেঞ্চ আগবঢ়ায়।

এই পদক্ষেপৰ এটা মূল বিশেষত্ব হৈছে ‘মোক বিচাৰি উলিয়াওক বা ফাইণ্ড মি’ৰ সুবিধা, যিয়ে গ্ৰাহকসকলক প্ৰয়োজনৰ সময়ত ট্ৰেক কৰিবলৈ অনুমতি দিয়ে। যাৰ ফলত গ্ৰাহক সমৰ্থন দলৰ পৰা দ্ৰুত সঁহাৰি নিশ্চিত হয়। ডি-আৰএছএ নামেৰে জনাজাত আৰএছএ প্ৰক্ৰিয়াটোৰ ডিজিটেলকৰণে সেৱাৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। ইয়াৰ লগতে সকলো টয়োটা গ্ৰাহকৰ বাবে নিৰৱচ্ছিন্ন যাত্ৰা নিশ্চিত কৰি তাৎক্ষণিক পথৰ কাষৰ সহায়ৰ প্ৰয়োজনীয়তাৰ বাবে গ্ৰাহকৰ স্থানত তৎকালীন সহায় আৰু প্ৰয়োজনীয় সহায় প্ৰদান কৰিবলৈ বাহন ৰক্ষক সেৱা(ভেহিকোল কাষ্টডিয়ান চাৰ্ভিছ) প্ৰৱৰ্তন কৰিছে।

এই বিষয়ে টয়োটা কিৰ্লোস্কাৰ মটৰৰ ছেলচ আৰু ষ্ট্ৰেটেজিক মাৰ্কেটিঙৰ ভাইচ প্ৰচিডেণ্ট অতুল ছুদে কয় যে, “গ্ৰাহকসকলৰ বাবে কোনো অতিৰিক্ত খৰচ নোহোৱাকৈ ৫ বছৰৰ বাবে (নতুন বাহন ক্ৰয়ৰ দিনাৰ পৰা) পথৰ কাষৰ সহায় কাৰ্যসূচী বৃদ্ধি কৰি আমি আনন্দিত হৈছোঁ, এয়া আমাৰ মূল্যৱান গ্ৰাহকৰ প্ৰতি টয়োটাৰ অটল দায়বদ্ধতাৰ প্ৰমাণ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *