টয়োটা কিৰ্লোস্কাৰ মটৰে মিজোৰামৰ আইজলত মুকলি কৰিলে নতুন ডিলাৰশ্বিপ

টয়োটা কিৰ্লোস্কাৰ মটৰে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় বৃদ্ধি অব্যাহত ৰাখি ২১ সংখ্যক গ্ৰাহক স্পৰ্শবিন্দু স্পৰ্শ কৰিছে। এই ২১সংখ্যক টাচ্ছপইণ্ট মিজোৰামৰ আইজলত উদ্বোধন কৰিছে, যাতে এক অধিক পৰিমাণৰ গ্ৰাহকৰ বাবে সৰ্বোত্তম সামগ্ৰী আৰু সেৱাৰ নিৰৱচ্ছিন্ন সুবিধা প্ৰদান কৰিব পাৰে।  ব্ৰেণ্ডটো অধিক সুলভ কৰি তুলিবলৈ টিকেএম সমাধান আৰম্ভ কৰাৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে। ৫৩১৭ বৰ্গফুটজুৰি বিস্তৃত নতুনকৈ স্থাপন কৰা জোটে টয়োটা ডিলাৰটো 1এছ (বিক্ৰী) প্লাছ 2এছ (চাৰ্ভিছ আৰু স্পেয়াৰ) সামৰি লোৱা উৎকৃষ্ট সুবিধাৰে সজ্জিত, য’ত আছে সু-প্ৰশিক্ষিত বিক্ৰী আৰু সেৱা পেছাদাৰীৰ এটা দল, যিয়ে গ্ৰাহকৰ অভিজ্ঞতাক টিকেএমৰ গুণগত মান, স্থায়িত্ব আৰু নিৰ্ভৰযোগ্যতা (কিউডিআৰ) দৰ্শনৰ সৈতে সংগতি ৰাখি নতুন শিখৰলৈ লৈ যায়।

টিকেএমে দেশজুৰি ৫৯০টা গ্ৰাহকৰ টাচপইণ্ট থকা নিজৰ শক্তিশালী প্যেন-ইণ্ডিয়া ডিলাৰ নেটৱৰ্কৰ জৰিয়তে গ্ৰাহকৰ সন্তুষ্টি প্ৰদানৰ ক্ষেত্ৰত সৰ্বোচ্চ মানদণ্ড প্ৰদানৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ লগতে দেশত নতুন বজাৰ আৰু মূল্যবান গ্ৰাহকসকলৰ সৈতে সফলতাৰে যোগাযোগ অব্যাহত ৰাখিছে।

এই বিষয়ে সদৰি কৰি জোটে টয়োটাৰ পৰিচালন সঞ্চালক জোৰামমৱিয়া টোচহাঙে কয় যে’, টয়োটাৰ সৈতে অংশীদাৰিত্ব কৰাটো এক সন্মানৰ বিষয় আৰু ই আইজললৈ আইকনিক ব্ৰেণ্ডটোক অনাৰ এক সুন্দৰ সুযোগ প্ৰদান কৰিছে। জোটে টয়োটাই বিবেচনাশীল গ্ৰাহকসকলক সদায় উন্নত, উচ্চমানৰ টয়োটাৰ সামগ্ৰী আৰু সেৱা প্ৰদান কৰাত কোনো ত্ৰুটি যাতে নাথাকে তাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *