টয়োটা কিৰ্লোস্কাৰ মটৰে চিএমটিইআই প্ৰশিক্ষণ প্ৰতিষ্ঠানত ৫৭ তম T-TEP প্ৰতিষ্ঠান মুকলিৰ ঘোষণা

টয়োটা কিৰ্লোস্কাৰ মটৰ (টিকেএম)য়ে আজি ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম (এনএছডিচি), অটোমোটিভ স্কিল ডেভেলপমেণ্ট কৰ্পোৰেচন (এএছডিচি)ৰ সমৰ্থনত গেংটোকৰ চিএমটিইআই (SiMTEI) প্ৰশিক্ষণ প্ৰতিষ্ঠানত  ৫৭ তম  T-TEP প্ৰতিষ্ঠান মুকলি কৰাৰ কথা ঘোষণা কৰে। এই প্ৰচেষ্টাৰ প্ৰাথমিক উদ্দেশ্য হৈছে গ্ৰাম্য এলেকাৰ ওপৰত বিশেষ গুৰুত্ব দি শিক্ষাৰ্থীৰ দক্ষতা বৃদ্ধি কৰা, যাৰ দ্বাৰা কোম্পানীৰ অনন্য প্ৰশিক্ষণ প্ৰচেষ্টা যেনে টয়োটা কাৰিকৰী শিক্ষা কাৰ্যসূচী (T-TEP)ৰ জৰিয়তে তেওঁলোকৰ নিয়োগযোগ্যতা শক্তিশালী কৰা।

উদ্বোধনী অনুষ্ঠানটো টপচেল টয়োটাৰ মুখ্য কাৰ্যবাহী বিষয়া নিতিন খুৰানাই আকৰ্ষণীয় কৰি তোলে। য’ত উপস্থিত থাকে চিএমটিইআইৰ কাৰিকৰী প্ৰৱন্ধক প্ৰয়াশ প্ৰধান আৰু TKM আৰু ASDCৰ কাৰ্যবাহীসকল। অটোমোবাইল উদ্যোগৰ বাবে প্ৰতিভাশালী আৰু কাৰিকৰীভাৱে দক্ষ পেছাদাৰী সৃষ্টি কৰাৰ লক্ষ্যৰে T-TEP-য়ে ভাৰতৰ ‘স্কিল ইণ্ডিয়া’ অভিযানত শক্তিশালী অৰিহণা যোগায়।T-TEPৰ সৈতে এতিয়ালৈকে, টিকেএম সমগ্ৰ দেশৰ ২২ খন ৰাজ্যক সামৰি ৫৬ টা আইটিআই/পলিটেকনিক প্ৰতিষ্ঠানৰ সৈতে সম্পৰ্কিত। বৰ্তমান, ১০,০০০ ৰো অধিক শিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়া হৈছে আৰু ৭০% শিক্ষাৰ্থীয়ে দেশৰ বিভিন্ন অটোমোবাইল কোম্পানীৰ ডিলাৰশ্বিপত কাম কৰি আছে।

এই উপলক্ষে ASDCৰ মুখ্য কাৰ্যবাহী বিষয়া অৰিন্দম লাহিড়ীয়ে কয়, “টয়োটাৰ দৰে উদ্যোগৰ অংশীদাৰসকলৰ সহযোগিতাৰ এই প্ৰচেষ্টা, যি ভাৰত চৰকাৰৰ স্কিল ইণ্ডিয়া মিছনৰ সৈতে সংযোজিত আৰু বৰ্তমানৰ দক্ষতাৰ ব্যৱধান দূৰ কৰাত সহায় কৰিব আৰু ছিকিম ৰাজ্যত বিশ্বমানৰ কৰ্মচাৰী বিকাশত সহায় কৰিব।”

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *