ঝাৰখণ্ডত বিৰোধীক কটাক্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

চৰ্টকাটৰ ৰাজনীতিয়ে ধ্বংস কৰিব পাৰে ৰাষ্ট্ৰ ব্যৱস্থাক। – বিৰোধী দলক সমালোচনা কৰি এই সতৰ্কবাণী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।বিৰোধী শাসিত ঝাৰখণ্ডত এক কাৰ্যসূচীত ভাষণ দি তেওঁ কয়, “চৰ্টকাটৰ ৰাজনীতিৰ পৰা আঁতৰি থাকক… শ্বৰ্ট কাটৰ ফলত শ্বৰ্ট চাৰ্কিট হয়।’’

লগতে প্ৰধানমন্ত্ৰী মোডীয়ে বিমানবন্দৰৰ আধাৰশিলা উদ্ঘাটনৰ বাবে দেওঘৰত উপস্থিত হয়।

তেঁও কয়, “ইয়াৰ পূৰ্বে প্ৰকল্প ঘোষণা কৰা হৈছিল ঠিকেই, কিন্তু দুই বা তিনিখন চৰকাৰৰ পিছতহে আধাৰশিলা স্থাপন কৰা হৈছিল। তাৰ পৰৱৰ্তী দুখন বা তিনিখন চৰকাৰ পিছত কাম আৰম্ভ হৈছিল আৰু প্ৰকল্পসমূহে কেইবাখনো চৰকাৰৰ পিছতহে সম্পূৰ্ণ হৈ উঠিছিল।’’

ঝাৰখণ্ডত বিনামূলীয়া বিদ্যুতৰ ব্যৱস্থাক বহুতে সমালোচনা কৰিছে।

ছ’চিয়েল মিডিয়াত বহুতে সমালোচনা কৰি কয় যে যদিও ই ৰাষ্ট্ৰীয় ৰাজধানী বা পঞ্জাৱৰ দৰে সমৃদ্ধ ৰাজ্যৰ বাবে উপযুক্ত, ঝাৰখণ্ডে এনে ৰাজসাহায্য বহন কৰিব নোৱাৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *