জ্যেষ্ঠ সাংবাদিক, সমাজকৰ্মী পি পি সিঙৰ হৃদৰোগত আক্ৰান্ত হৈ বিয়োগ…

জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট সমাজকৰ্মী পি পি সিঙৰ মৃত্যু।

দেওবাৰে গুৱাহাটীত শেষ নিশ্বাস ত্যাগ জ্যেষ্ঠ সাংবাদিকগৰাকীৰ।

বিয়োগৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ।

জানিব পৰা মতে, বিগত কিছুদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ আছিল জ্যেষ্ঠ সাংবাদিক পি পি সিং।

৩০ বছৰতকৈও অধিক সময় ধৰি সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকাৰ সমান্তৰালভাৱে তেওঁ কৰি গৈছিল অনেক সমাজ হিতকৰ কামো।

ত্ৰিপুৰাৰ ‘দ্য টাইমছ অৱ ইণ্ডিয়া’ৰ জৰিয়তে তেওঁ সাংবাদিকতাৰ সৈতে জড়িত হৈ পৰিছিল।

তাৰ পিছতে বিভিন্ন উত্থান-পতনৰ মাজেৰে আগবাঢ়ি তেওঁ আৰম্ভ কৰিছিল উত্তৰ-পূবৰ প্ৰথমটো নিউজ পৰ্টেল।

শেহতীয়াকৈ খালচা চেণ্টাৰ নৰ্থ-ইষ্টৰ মুৰব্বী হিচাপে তেওঁ কৰি গৈছিল বিভিন্ন সামাজিক কাম।

বিশেষকৈ দৰিদ্ৰৰ মাজত বিনামূলীয়া খাদ্য সামগ্ৰী বিতৰণত তেওঁ গ্ৰহণ কৰি আহিছিল অগ্ৰণী ভূমিকা।

পি পি সিঙৰ বিয়োগৰ খবৰ লাভ কৰাৰ পিছতে ইতিমধ্যে গুৱাহাটীলৈ ৰাওনা হৈছিল তেওঁৰ পত্নী-পুত্ৰ-কন্যা।

ইফালে সাংবাদিকগৰাকীৰ শেষ ইচ্ছা অনুসৰি তেওঁৰ চকুহাল দান কৰা হৈছে শংকৰদেৱ নেত্ৰালয়ক।

জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে তেওঁৰ শৰীৰো দানৰো ইচ্ছা ব্যক্ত কৰি থৈ গৈছিল।

সাংবাদিক পি পি সিঙৰ বিয়োগে মৰ্মাহত কৰিছে তেওঁৰ সতীৰ্থ সকলৰ লগতে সমগ্ৰ সংবাদ জগতখনক।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *