জোনাকী প্ৰেক্ষাগৃহত পূৰ্বায়ণ প্ৰকাশনৰ তিনিখন গ্ৰন্থ উন্মোচন

চলিত অসম গ্ৰন্থ মেলাৰ পঞ্চম দিনটোত জোনাকী প্ৰেক্ষাগৃহত পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়।উল্লেখযোগ্য যে ৰঙিয়া মহাবিদ্যালয়ৰ মুৰব্বী অসমীয়া বিভাগৰ অধ্যাপিকা দীপিকা শৰ্মাৰ তিনি খনকৈ গ্ৰন্থ ক্ৰমে ‘আহত হৃদয়ৰ গান'(উপন্যাস) শিলৰ সাঁকো(গল্প) সকলো এৰি বহু দূৰলৈ(উপন্যাস) আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। ইপিনে গ্ৰন্থকেইখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বিশিষ্ট লেখক গল্পকাৰ তথা সাহিত্য সাহিত্য অকাডেমি বঁটা প্ৰাপক জয়ন্ত মাধৱ বৰাই। নিজৰ উন্মোচনী ভাষণত বৰাই কয় যে এগৰাকী লেখকে অশেষ কষ্ট কৰি এখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াই । নিজৰ কৰ্মময় ব্যস্ততাৰ মাজতো দীপিকা শৰ্মাই তিনিখনকৈ গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে ই সচাকৈ আশাৰ বতৰা। ইপিনে গ্ৰন্থ উন্মোচনী সভা খনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট চলচ্চিত্ৰ অভিনেত্ৰী নিকু মণি বৰুৱা, ৰঙীয়া মহাবিদ্যালয় অৱসৰী অধ্যাপক ডঃ দেৱৰাজ শৰ্মা, পাণ্ডু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগেশ কাকতিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *