জুৱা খেলৰ অভিযোগত প্ৰাক্তন বিধায়কসহ ৬ জনক আটক

ডিব্ৰুগড়ৰ নাহৰকটীয়া বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক নৰেন সোণোৱালক জুৱা খেলত অংশগ্ৰহণ কৰাৰ অভিযোগত বৃহস্পতিবাৰে আটক কৰা হয়।

বৈৰাগীমঠ অঞ্চলৰ উপকণ্ঠ অঞ্চলত অভিযান চলোৱাৰ পিছতে আটক কৰে প্ৰাক্তন বিধায়কজনক।

সোণোৱালৰ লগতে আৰক্ষীয়ে মুকুল ঘোষ, মেহৰোজ আহমেদ, দিপেন্দ্ৰ দত্ত, ঋত্বিক বৰুৱা, আব্দুল ৰছিদ আৰু দিপক ৰঞ্জন নামৰ ছয়জন ব্যক্তিকো আটক কৰে।

উল্লেখযোগ্য যে গ্ৰেপ্তাৰ কৰা ব্যক্তিকেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *