জি-২০ ডিজিটেল সন্মিলত ইজৰাইল-হামাছৰ সংঘাতক লৈ আলোচনা, যুদ্ধ বিৰতিৰ প্ৰস্তাৱ

জি-২০ ডিজিটেল সন্মিলনত বহু নেতাই ইজৰাইল-হামাছ সংঘাতৰ ওপৰত কথা কোৱাৰ লগতে হিংসা বিয়পিবলৈ নিদিয়াকৈ আৰু পেলেষ্টাইন সমস্যাৰ দীৰ্ঘম্যাদী সমাধান বিচাৰি সময়মতে মানৱীয় সাহায্য প্ৰদানৰ আহ্বান জনায় দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেষ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত ডিজিটেলভাৱে আয়োজিত জি-২০ বৈঠকৰ বিষয়ে সাংবাদিকসকলক তথ্য দি জয়শংকৰে কয় যে আফ্ৰিকান ইউনিয়ন, ৯খন অতিথি দেশ আৰু ১১টা আন্তঃৰাষ্ট্ৰীয় সংস্থাকে ধৰি ২১ সদস্যৰ আটাইকেইখনে ইয়াত অংশগ্ৰহণ কৰে।

তেওঁ কয় যে ছেপ্টেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলনৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে কয় যে বৈঠকত পশ্চিম এছিয়া, গাজাৰ পৰিস্থিতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয় আৰু কিছু পৰিমাণে ইউক্ৰেইন সংঘাত আৰু ইয়াৰ পৰিণতিৰ বিষয়েও আলোচনা কৰা হয়।

এই ডিজিটেল সন্মিলনখনো অতি গুৰুত্বপূৰ্ণ আছিল কাৰণ পশ্চিম এছিয়াত সংঘাত আৰম্ভ হোৱাৰ পিছত বিশ্বৰ নেতাসকলৰ প্ৰথমখন বৈঠক আছিল। বৈঠকত সন্ত্ৰাসবাদক নিন্দা কৰা হয়, সাধাৰণ নাগৰিকৰ জীৱন হেৰুৱাৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰা হয় আৰু সময়মতে আৰু পৰ্যাপ্ত মানৱীয় সাহায্য প্ৰদান, সংঘাত বিয়পি পৰাত বাধা দিয়া আৰু পেলেষ্টাইন সমস্যাৰ দীৰ্ঘম্যাদী সমাধান বিচাৰি উলিওৱাৰ বাবে আলোচনা কৰা হয়। তেওঁ কয় যে সামগ্ৰিকভাৱে জি-২০ৰ সদস্যসকলে পণবন্দীসকলক মুকলি কৰি দিয়া, গাজালৈ সাহায্য সামগ্ৰী প্ৰেৰণ আৰু অস্থায়ী যুদ্ধবিৰতিৰ ক্ষেত্ৰত হোৱা চুক্তিক আদৰণি জনাইছে।

ভাৰতে কানাডাৰ নাগৰিকৰ বাবে ই-ভিছা সেৱা পুনৰ আৰম্ভ কৰাৰ পিছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে কানাডাৰ পৰিস্থিতিয়ে আমাৰ কূটনীতিবিদসকলে প্ৰয়োজনীয় কাম কৰাত অসুবিধাৰ সৃষ্টি কৰাৰ বাবে ভিছা প্ৰদান সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল। বুধবাৰে ভাৰ্চুৱেল জি-২০ নেতা সন্মিলনৰ সামৰণিৰ পিছত সংবাদমেল সম্বোধন কৰি জয়শংকৰে কয় যে বহু শিতানত ফিজিকেল ভিছা আৰম্ভ হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *