মঙলবাৰে বিশাখাপট্টনমত জি-২০ ইনফ্ৰাষ্ট্ৰাকচাৰ ৱৰ্কিং গ্ৰুপ (আই ডব্লিউ জি)ৰ বৈঠকত ৪০খন দেশৰ ৬৩ জন প্ৰতিনিধি, আমন্ত্ৰিত আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ অংশগ্ৰহণ। আলোচনাৰ মূল বিষয় আছিল ভৱিষ্যতৰ চহৰসমূহৰ অন্তৰ্ভুক্ত, নমনীয় আৰু বহনক্ষম বিত্তীয় সাহায্য।
নগৰবাসীক আন্তঃগাঁথনিৰ ব্যৱস্থা আৰু ভৱিষ্যতে অধিক বিনিয়োগৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বিশেষজ্ঞসকলে তেওঁলোকৰ পৰামৰ্শ আগবঢ়ায়। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে আই ডব্লিউ জিৰ বৈঠকত অংশগ্ৰহণ কৰি প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰে। প্ৰথম দিনটোত মুঠ ৪টা অধিবেশন অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় দিনা ৩টা অধিবেশন অনুষ্ঠিত হ’ব।
কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ২৫০০ শক্তিশালী আৰক্ষী বাহিনী মহানগৰীত মোতায়েন কৰা হৈছে। পৰৱৰ্তী দুখন বৈঠক জুন আৰু অক্টোবৰ মাহত অনুষ্ঠিত হ’ব।