জি-২০: আগৰতলাত চাইন্স২০ সন্মিলন

ত্ৰিপুৰাই ৩ ৰ পৰা ৪ এপ্ৰিললৈ দুদিনীয়াকৈ আয়োজন কৰে চাইন্স২০ এনগেজমেণ্ট গ্ৰুপৰ সন্মিলন। এই চাইন্স২০ বৈঠকৰ বিষয়বস্তু হৈছে ‘সেউজ ভৱিষ্যতৰ বাবে ক্লিন এনাৰ্জী’, য’ত সমগ্ৰ বিশ্বৰ ৭০ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে।

সন্মিলনৰ প্ৰথম দিনা ভাৰতে গুৰুত্ব আৰোপ কৰে যে কেৱল বৈজ্ঞানিক প্ৰগতিৰ জৰিয়তেহে দক্ষ ক্লিন এনাৰ্জী লাভ কৰিব পাৰি। সেয়েহে, এই দিশত সফলতা অৰ্জন কৰিবলৈ ভাৰতে বাৰ্তা প্ৰদান কৰে যে ক্লিন এনাৰ্জী, বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত নতুন বিকাশৰ প্ৰয়োজন। আমি সকলোৱে উদ্ভাৱনৰ সৈতে এক ন্যায়সঙ্গত, বহনক্ষম ভৱিষ্যত গঢ়ি তুলিব লাগিব আৰু একেলগে কাম কৰিব লাগিব।

ভাৰত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা অজয় সুদে তেওঁৰ পৰিচয় মূলক ভাষণত এই কথা উল্লেখ কৰে যে বিশ্ব অভূতপূৰ্ব সমস্যাৰ সন্মুখীন হৈছে, যাৰ বাবে ভৱিষ্যত ৰক্ষাৰ বাবে তাৎক্ষণিক পদক্ষেপৰ প্ৰয়োজন। তেওঁ কৈছিল যে এই বিষয়বোৰ আৰু পিছুৱাব নোৱাৰি। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্ধৃতি দি কয় যে উদ্ভাৱন কেৱল জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবেই নহয়, জলবায়ু ন্যায়ৰ বাবেও গুৰুত্বপূৰ্ণ। ত্ৰিপুৰাৰ দৰে ৰাজ্যৰ বাবে বিদেশী প্ৰতিনিধিসকলক আতিথ্য দিয়া আৰু বিশ্বৰ মানচিত্ৰত নিজকে উপস্থাপন কৰাৰ এক গুৰুত্বপূৰ্ণ সুযোগ।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *