অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিবেশ পৰিষদৰ সৌজন্যত পৰিবেশ শিক্ষা কাৰ্যক্ৰমৰ অধীনত আৰু ভেৰালদী ৰুৰেল ডেভেলপমেণ্ট এচোছিয়েচনৰ উদ্যোগত ১৩ জুনত ক্লাৱ ৰাইনো,বৰপেটাত পুৱা ১০ বজাৰ পৰা জিলা ভিত্তিত বহনক্ষম সামগ্ৰী/ আৰ্হি/ ধাৰণাৰ পৰিবেশ বিষয়ক প্ৰদৰ্শনী অনুষ্ঠিত হয় ।

ইকো ক্লাৱ সংযোজিত চৰকাৰী বিদ্যালয় সমুহৰ পৰা ছাত্ৰ ছাত্ৰীয়ে প্ৰায় ৩০ টা প্ৰকল্প প্ৰদৰ্শিত কৰে । প্ৰদৰ্শিত বিভিন্ন আৰ্হি সমুহৰ ওপৰত বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অধ্যাপক ডঃত্ৰিদীপ বৰুৱা, বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী গিতিকা মেধি মুল্যায়নৰ দায়িত্বত থাকে । সেই হিচাপে মুল্যায়নত বিচাৰকৰ তুলাচনীত ক্ৰমে গজিয়া হাইস্কুলৰ ভাৰ্গৱ দাস আৰু আজমাদুল ইছলাম প্ৰথম ,দাবালীয়াপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জেমিনা পাৰবীন আৰু ৰেজিনা পাৰবীনে দ্বিতীয় আৰু বজালী হাইস্কুলৰ নীলঞ্জন কলিতা আৰু গান্ধাৰ্ভ ভৰালী তৃতীয় স্থান পাবলৈ সক্ষম হয় ।

উক্ত দিনা ন’ডেল এজেঞ্চী ভেৰালদি ৰুৰেল ডেভেলপমেণ্ট এচোছিয়েচনৰ সম্পাদক তথা পৰিবেশ শিক্ষা কাৰ্যক্ৰমৰ বৰপেটা জিলা সমন্বয়ক মহিদুল ইছলামৰ পৰিচালনাত এখন বটা বিতৰণী সভা অনুষ্ঠিত হয় ।

সভাত বৰপেটা পৰিমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাস, সৰ্বশিক্ষা আচনিৰ ডি পি অ নিৰঞ্জন ওজা,পি এম পোষনৰ বিষয়া অশোক ঠাকুৰ,বৰপেটাৰ ভাৰপ্রাপ্ত ক্ষেত্ৰ প্ৰচাৰ বিষয়া জয়ন্ত কলিতা, জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সম্পাদক আব্দুল মালিক, মাজদিয়া হাইস্কুলৰ শিক্ষক তথা সমাজকৰ্মী সুৰজিৎ পাঠক ,সমল ব্যক্তি কংকনা শৰ্মা ,অংশ গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ তত্বাৱধানত শিক্ষক,শিক্ষয়িত্ৰী উপস্থিত থাকে ।

উল্লেখ্য যে বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শনীত অংশ গ্ৰহণ কৰা প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক আৰু তত্বাৱধায়কক মান‌ পত্ৰ প্ৰদান কৰা হয় ।