জাৱা য়েজডিয়ে আগবঢ়াইছে অল নিউ জাৱা ৪২ আৰু য়েজদি ৰোডষ্টাৰ

জৱা য়েজদি মটৰচাইকেলে নিজৰ জনপ্ৰিয় জাৱা ৪২ আৰু য়েজদি ৰোডষ্টাৰ মটৰচাইকেলত প্ৰিমিয়াম সংযোজন আৰম্ভ কৰিছে, ইয়াত আছে ক্লাছিক ডিজাইনৰ সৈতে অত্যাধুনিক প্ৰদৰ্শনৰ মিশ্ৰণ। এই ব্ৰেণ্ডটোৱে ক্ৰমান্বয়ে আৰু প্ৰতিনিয়ত বিৱৰ্তনত বিশ্বাস কৰে আৰু ইয়াৰ মটৰচাইকেলবোৰ গ্লবেল মাৰ্কেটৰ বাবে ভাৰতত সগৌৰৱে নিৰ্মাণ কৰা হয়।

নতুন জাৱা ৪২ ডুৱেল টোন আৰু য়েজদি ৰোডষ্টাৰ ভেৰিয়েণ্টে ৪টা নতুন ৰঙৰ বিকল্প আৰু বিভিন্ন উন্নীতকৰণৰ সৈতে এক নতুন মানদণ্ড স্থাপন কৰিছে। নতুন জাৱা ৪২ ডুৱেল টোনৰ মূল্য ১,৯৮,১৪২ টকাৰ পৰা আৰম্ভ হৈছে। আনহাতে, য়েজদি ৰোডষ্টাৰৰ মূল্য ২,০৮,৮২৯ টকাৰ পৰা আৰম্ভ হৈছে। বৰ্তমানৰ মডেলৰ সমান্তৰালভাৱে ডিলাৰশ্বিপত দুয়োটা মডেল উপলব্ধ।জাৱা য়েজদি মটৰ চাইকেলৰ দুটা নতুন প্ৰিমিয়াম ভেৰিয়েণ্ট মুকলি কৰা সন্দৰ্ভত মন্তব্য কৰি চিইঅ’ আশিস সিং যোশীয়ে কয় যে, “এই মটৰ চাইকেলসমূহ হৈছে ৰাইডাৰ বা আৰোহীৰ প্ৰতি আমাৰ এক প্ৰতিশ্ৰুতি যে এইবোৰ স্থায়ী আৰু সুন্দৰ কিবা এটাৰ অংশ।”

জাৱা ৪২ ডুৱেল টোন ভেৰিয়েণ্টত এটা পুনৰ ডিজাইন কৰা বেছপ্লেট, মিৰ’ৰ আৰু গ্ৰীপৰ সুবিধা আছে। ইয়াত ২৯৪.৭ চিচিৰ চিংগল-চিলিণ্ডাৰ ইঞ্জিন আছে, যিয়ে ২৭.৩ পিএছ আৰু ২৬.৮ এনএম উৎপাদন কৰে। য়েজডি ৰোডষ্টাৰ ৰেঞ্জত আছে ৩৩৪ চিচি ইঞ্জিন, যিয়ে ২৯.৫ পিএছ আৰু ২৮.৯ এনএম প্ৰডিউচ কৰে। ৰাজপথত সহজে ক্ৰুজিঙৰ বাবে ১৪৪০ মিমি দীঘল হুইলবেছ আছে। দুয়োটা মডেলতে সুৰক্ষাৰ বাবে ক্লাছ-লিডিং ডুৱেল চেনেল এবিএছ দিয়া হৈছে। এই নতুন মটৰ চাইকেলসমূহে ব্ৰেণ্ডটোৰ উৎকৃষ্টতাৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰদৰ্শন কৰে আৰু নতুন প্ৰজন্মৰ চালকক আকৰ্ষিত কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *