জামিন লাভৰ পিছতে পুনৰ গ্ৰেপ্তাৰ শৃংখল চলিহাক…

বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক বুধবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত পুনৰ গ্ৰেপ্তাৰ আৰক্ষীৰ।

জামিন লাভ কৰি ওলাই অহাৰ সময়তে শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ গেটৰ পৰা পুনৰ গ্ৰেপ্তাৰ শৃংখল চলিহাক।

শিৱসাগৰত ব্যৱসায়ীৰ ধন দাবী আৰু অপব্যৱহাৰৰ গোচৰত গ্ৰেপ্তাৰ হয় নেতাগৰাকীক।

মঙলবাৰে শিৱসাগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে চলিহাক জামিন প্ৰদান কৰে।

খবৰ অনুসৰি শিৱসাগৰৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰৱেশ কৰি শৃংখল চলিহাই মৌখিক বিবাদৰ সময়ত এজন ব্যৱসায়ীক গালি-গালাজ আৰু মুখত থু পেলোৱাৰ অভিযোগ উত্থাপন কৰি সেই স্থান এৰি থৈ যায়। পিছত শিৱসাগৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি গৃহবন্দী কৰে।

যোৱা ২৮ এপ্ৰিলত এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত এই ঘটনা পোহৰলৈ আহে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *