জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত সন্ত্রাসবাদী

জম্মু-কাশ্মীৰত পুনৰ বন্দুকযুদ্ধ। সেনাৰ সৈতে সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হয়। অত্যাধুনিক সঁজুলি উদ্ধাৰ।

মঙলবাৰে কুলগামত ভাৰতীয় সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীচালনা আৰম্ভ হয়। সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হয়। নিহত সন্ত্ৰাসবাদীজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই সংঘৰ্ষত এজন জোৱান আহত হয়। ঘটনাস্থলীৰ পৰা আগ্নেয়াস্ত্ৰসহ গোলাবাৰুদ উদ্ধাৰ কৰা হয়। সমগ্ৰ অঞ্চলটোত অনুসন্ধান চলোৱা হৈছে।

ইফালে, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই সোমবাৰে কাশ্মীৰৰ চাৰিখন জিলাত অভিযান চলায়। এই অভিযানৰ উদ্দেশ্য পাকিস্তান সমৰ্থিত জেহাদী নেটৱৰ্ক ধ্বংস কৰা বুলি কোৱা হৈছে। কুলগাম, বান্দিপোৰা, শ্বপিয়ান আৰু পুলৱামাৰ ১২ টা স্থানত তালাচী চলোৱা হৈছিল।

শুক্ৰবাৰে, কাশ্মীৰৰ কুপৱাৰাত চাৰিজন সন্ত্ৰাসবাদী নিহত হয়। তেওঁলোকে পাকিস্তান সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাৰ (এলঅ’চি) পৰা ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছিল। জেহাদীসকলক ভাৰতীয় সেনাই হত্যা কৰিছিল।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *