জন্মদিনত বৰঝাৰ বিমানবন্দৰত সুধাকণ্ঠক সোঁৱৰণ

ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে গুৱাহাটীৰ  বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আজি ভাৰতৰত্ন  , সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ  ৯৬ সংখ্যক  জন্মদিনত  সোঁৱৰণ  কৰা হয়।  বিমানবন্দৰ পৰিচালনাৰ দায়িত্বত থকা আদানী গ্রুপৰ কাৰ্যালয় চৌহদত  বিমানবন্দৰৰ বিভিন্ন বিভাগত কৰ্মৰত প্ৰায় ৮০ জনৰো অধিক বিষয়া – কৰ্মচাৰীৰ  উপস্থিতিত ডঃ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যপৰ্ণ আৰু বন্তি  প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰে  কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বৰঝাৰ বিমানবন্দৰৰ  মুখ্য বিমানকোঠ  বিষয়া  উৎপল বৰুৱাই । এই উপলক্ষে বৰঝাৰ  বিমানবন্দৰৰ জনসম্পৰ্কৰক্ষী বৰুৱাই বিষয়া ৰুমা দেৱীয়ে আঁত ধৰা অনুষ্ঠানত  ভাষণ প্ৰসংগত উৎপল বৰুৱাই অসমীয়া জাতিৰ হিয়াৰ আমঠু স্বৰূপ ডঃ ভূপেন হাজৰিকাৰ বহুমুখী প্ৰতিভাৰ ওপৰত আলোকপাত কৰি  কয় অসমীয়া  গীতক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা ডঃ ভূপেন হাজৰিকা অবিহনে অসমীয়া জাতিৰ কথা কল্পনাই কৰিব নোৱাৰি । আনকি উৎপল বৰুৱাই উঠি অহা নতুন প্ৰজন্মৰ গায়ক সকলেও যাতে শুদ্ধ ৰূপত সুধাকণ্ঠৰ সংগীতৰ চৰ্চা অব্যাহত ৰাখে তাৰ কামনা কৰি অসমীয়া জাতি জীয়াই থাকে মানে অসমীয়াৰ হৃদয়ত ডঃ ভূপেন হাজৰিকা থাকিব বুলি ব্যক্ত কৰে ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *