ছেলফী লওঁতে হ’ল অকাল মৃত্যু

কিশোৰজনে ৰেলৱে ষ্টেচনৰ ওচৰত ছেলফী লোৱাৰ সময়ত ট্ৰেইনৰ খুন্দাত গুৰুতৰভাৱে আহত হয় আৰু পাছত মৃত্যু হয়।এই ঘটনা উত্তৰ প্ৰদেশৰ বৰেলী জিলাৰ।

আৰজনোৱা মতে মৃত কিশোৰ জনৰ নাম চাহিল (১৬)আৰু তেওঁ একাদশ শ্ৰেণীত অধ্যয়নৰত আছিল।আৰক্ষীয়ে কয় যে মঙলবাৰে চাহিলে বন্ধুৰ সৈতে ষ্টেচনৰ ওচৰত ফুৰিবলৈ গৈছিল।

প্ৰথম অৱস্থাত চাহিল গুৰুতৰভাৱে আহত হয় আৰু গাঁৱৰ একাংশলোকে তেওঁক হস্পাতাললৈ লৈ যায়। তেওঁৰ অৱস্থা ইমানেই বেয়া আছিল যে আৰক্ষীয়ে অন্য হস্পাতাললৈ প্ৰেৰণ কৰে আৰু তাতে তেওঁৰ মৃত্যু হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *