ছেভ ভৰলুৰ প্ৰথম প্ৰতিষ্ঠা দিবস ১৬জন সাংবাদিকক সম্বৰ্দ্ধনা

আহক আমি সকলোৱে মিলি ভৰলু বচাওঁ-এই সংকল্প লৈ জন্ম লাভ কৰা অনুষ্ঠান
চেভ ভৰলুৱে এবছৰ পূৰ্ণ কৰিবলৈ ওলাইছে। ছেভ ভৰলুৰ এবছৰ পূৰ্তি উপলক্ষে দেওবাৰে গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত ছেভ ভৰলুৰ প্ৰথম প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। ছেভ ভৰলুৰ সভাপতি ডা:ৰবীন্দ্ৰনাথ মজুমদাৰৰ পৌৰহিত্যত অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণিতে সদ্য প্রয়াত লোকসংস্কৃতিবিদ ড:নবীন চন্দ্র শৰ্মা, বুঢ়াসত্ৰীয়া
বশিষ্ঠ দেব শৰ্মা, বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু প্ৰসিদ্ধ চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ মৃত্যুত এক মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয়। অনুষ্ঠান মুকলি কৰে বিশিষ্ট পৰিবেশবিদ ড:পূৰ্ণিমা দেবী বৰ্মনে। তেওঁ ভাষনত কয়-মুমূৰ্সু ভৰলুক পুনৰুদ্ধাৰৰ বাবে এদল সমাজ সচেতন ব্যক্তি ওলাই আহিছে এই কথা শুনি অভিভূত হৈছোঁ। ছেভ ভৰলু এটা অবিৰত যাত্রা। এই অবিৰত যাত্রা আমি আগুৱাই লৈ যাব লাগিব। অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ ড:অমৰজ্যোতি চৌধুৰীয়ে কয়-ছেভ ভৰলুৰ প্ৰথম প্ৰতিষ্ঠা দিৱসত ভাগ ল’বলৈ পাই গৌৰৱান্বিত।ছেভ ভৰলুৰ লক্ষ্য প্ৰকৃতিৰ সংৰক্ষণ।একাংশ লোকৰ বাবে প্ৰকৃতি ধ্বংশ হ’বলৈ ওলাইছে।প্ৰকৃতি শেষ হ’বলৈ ওলোৱাটো জাতিটোৰ কাৰণে ভয়ংকৰ।মৃতপ্ৰায় ভৰলুৰ পুনৰুদ্ধাৰৰ বাবে এনেকৈ ওলাই অহা বাবে ছেভ ভৰলুৰ সকলো সদস্যক অভিনন্দন জনাইছোঁ। তেওঁলোক অভিনন্দনৰ যোগ্য। আজি নহ’লেও ১০ বছৰ পাছত ইয়াৰ সুফল পাব। টেমছ নদীও প্ৰদুষিত হৈ মৰিবলৈ ওলাইছিল। দুবছৰত টেমছত পেলনীয়া পেলোৱা বন্ধ হৈছিল।ভৰলুও এদিন জী উঠিব। সন্মানিত অতিথি ৰূপে উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ ড:শীলা বৰাই কয়- পৰিবেশ ৰক্ষা অবিহনে জীৱকুল জীয়াই নাথাকে। আমি যদি চৰকাৰক হেচা দিও চৰকাৰে আমাৰ সৈতে কাম কৰিবলৈ বাধ্য হ’ব।অনুষ্ঠানত সমজুৱাৰ ফালৰ পৰা বিশিষ্ট চিকিৎসক হৰিনাৰায়ন বৰকটকী, সমাজ সচেতন ব্যক্তি মহেশ বৰা,সাংবাদিক যদুমনি শইকীয়া,অনুপমা ডেকায়ো ভাষন দিয়ে। ছেভ ভৰলুৰ সদস্য অধ্যাপক অতনু কুমাৰ চৌধুৰী আৰু উপ সভাপতি ডা:সীমাৰেখা দেবীয়ে আঁত ধৰা অনুষ্ঠানত ৰাজ্যৰ ১৬ গৰাকী সাংবাদিকক সম্বৰ্দ্ধনা জনোৱা হয়।অনুষ্ঠানত ছেভ ভৰলুৰ সচিব অমিয় কুমাৰ ডেকাই ছেভ ভৰলুৰ ব্ৰেণ্ড এম্বেচাডৰ ৰূপে পৰিবেশবিদ ড:পূৰ্ণিমা দেবী বৰ্মনৰ নাম ঘোষণা কৰে। ছেভ ভৰলুৰ সভাপতি ডা:ৰবীন্দ্ৰনাথ মজুমদাৰে তেওঁক আদৰণি জনায়। সভাপতি ডা:মজুমদাৰমজুমদাৰে পাৱাৰ পইণ্টৰ মাধ্যমেৰ সহায়ত সভাপতিৰ ভাষন দিয়ে। পাছত শলাগৰ শৰাই আগবঢ়ায় ছেভ ভৰলুৰ সদস্য ডা:ৰমেন কলিতাই। বিয়লি ছেভ ভৰলুৰ বাৰ্ষিক সাধাৰণ সভাখনো অনুষ্ঠিত হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *