ছু-কামে গুৱাহাটীত আয়োজন কৰে ব্যৱসায়িক অংশীদাৰ বৈঠকৰ

ছু-কাম পাৱাৰ চিষ্টেম লিমিটেডে গুৱাহাটীত আয়োজন কৰে বিজনেছ পাৰ্টনাৰ্ছ মিটৰ। এই অনুষ্ঠানত গুৱাহাটীৰ কেইবাজনো বিশিষ্ট অতিথি আৰু গণ্য-মান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে। মহানগৰীৰ হোটেল দ্য অৰ্নেটত অনুষ্ঠিত হৈছিল এই অনুষ্ঠান। গুৱাহাটীৰ ২০০ৰো অধিক ডিলাৰ আৰু অংশীদাৰে অংশগ্ৰহণ কৰে এই বৈঠকত। অনুষ্ঠানত উপস্থিত আছিল অশোক চৌধুৰী, ৰাহুল সিনহা, সৰোজ গোস্বামী, অৰিজিত দত্তৰ দৰে বিশিষ্ট ব্যক্তিসকল।

একেৰাহে ৩৫ বছৰ ধৰি নবীকৰণযোগ্য শক্তি উদ্যোগৰ শীৰ্ষত আছে ছু-কাম পাৱাৰ চিষ্টেম। চৰকাৰী অনুমোদিত আৰ এণ্ড ডি কেন্দ্ৰ তথা ডিলাৰ, বিতৰক আৰু সেৱা প্ৰদানকাৰীৰ এক বিস্তৃত নেটৱৰ্কৰ সৈতে অগ্ৰণী স্থান দখল কৰি আহিছে। শক্তিশালী অংশীদাৰিত্ব গঢ়ি তোলা, ছু-কামৰ প্ৰডাক্ট পৰ্টফলিঅ’ প্ৰদৰ্শন কৰা আৰু ভৱিষ্যতৰ পৰিকল্পনা আৰু পদক্ষেপৰ ওপৰত আলোচনাৰ বাবে এখন মঞ্চ প্ৰদান কৰাই আছিল গুৱাহাটীত অনুষ্ঠিত বিজনেছ পাৰ্টনাৰ মিটৰ মূল লক্ষ্য। ছু-কাম পাৱাৰ চিষ্টেমৰ লক্ষ্য হৈছে অসমত নিজৰ উপস্থিতি অধিক সম্প্ৰসাৰিত কৰা আৰু সেউজ শক্তি খণ্ডত অৰিহণা যোগোৱা, নৱীকৰণযোগ্য উৎস, ই-মবিলিটি আৰু অন্যান্য বহনক্ষম শক্তি সামগ্ৰী খণ্ডৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান।

এই বিষয়ে উল্লেখ কৰি ছু-কাম পাৱাৰ চিষ্টেম লিমিটেডৰ ডাইৰেক্টৰ সঞ্চিত শ্বেখৱাল গোৱেলে কয় যে, “এই সুদূৰপ্ৰসাৰী বিজনেছ পাৰ্টনাৰ্ছ মিটৰ আয়োজন আছিল আমাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ই আমাক গুৱাহাটীৰ মূল্যৱান অংশীদাৰসকলৰ সৈতে আমাৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ সুযোগ প্ৰদান কৰে। ইয়াৰ লগতে আমাৰ বিবিধ সামগ্ৰীৰ পৰিসৰ প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰিছিল।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *