ছুৰিনামত প্ৰবাসী ভাৰতীয়ৰ বসতিৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে উপস্থিত হৈছিল দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ। যোৱা বৰ্ষত ৰাষ্ট্ৰপতিৰূপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে বিদেশ ভ্ৰমণ দ্ৰৌপদী মুৰ্মূৰ। এই ভ্ৰমণকালত ছুৰিনামৰ ৰাষ্ট্ৰপতি চন্দ্ৰিকাপাৰচাদ সন্তোষী আৰু প্ৰতিনিধি দলক সাক্ষাৎ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে। দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে প্ৰতিৰক্ষা, কৃষি, তথ্য প্ৰযুক্তি আৰু সক্ষমতা বৃদ্ধিৰ লগতে ভাৰত আৰু ছুৰিনামৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বিভিন্ন দিশৰ ওপৰতো আলোচনা কৰে। ইয়াৰ লগতে কৃষি আৰু স্বাস্থ্যকে ধৰি ভিন্ন ক্ষেত্ৰৰ চাৰিটা বিষয়ত ভাৰত আৰু ছুৰিনামে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে।
উমৈহতীয়া দ্বিপাক্ষিক বৈঠকৰ লগতে ৰাষ্ট্ৰপতি মুৰ্মূৱে ছুৰিনামত এদল শিশুক সাক্ষাৎ কৰি সম্ভাষণ জনায়, দেশখনৰ শিশুসকলক মেড ইন ইণ্ডিয়া চকলেট আগবঢ়ায় ৰাষ্ট্ৰপতি মুৰ্মূৱে। ৰাষ্ট্ৰপতিৰ উপহাৰ পাই আপ্লুত হৈ পৰিছিল কণ কণ শিশুসকল, ৰাষ্ট্ৰপতিগৰাকীক শলাগ লৈছিল কণমানি শিশুসকলে। ব্যস্ত কাৰ্যসূচীৰ মাজতে ৰাষ্ট্ৰপতি মুৰ্মূৱে ছুৰিনামৰ সাধাৰণ জনতাৰ সৈতে মত বিনিময় কৰিছিল।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে ছাৰ্বিয়ালৈ যোৱাৰ পূৰ্বে ছুৰিনামত থকা প্ৰবাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰাৰ কথা আছে। ইয়াৰ লগতে মুৰ্মূৱে ৰাষ্ট্ৰপতি ভুই, প্ৰধানমন্ত্ৰী আনা ব্ৰনাবি আৰু সংসদৰ অধ্যক্ষ ভ্লাদিমিৰ অৰ্লিক আৰু ২০ জনীয়া ব্যৱসায়িক প্ৰতিনিধি দলকো সাক্ষাৎ কৰিব।