টেক মহিন্দ্ৰা গ্ল’বেল চেছ লীগত এছ জি আলপাইন ৱাৰিয়ৰ্ছৰ সফল সমাপনৰ পিছত এপিএল এপ’ল’ নেতৃত্বাধীন এছজি স্প’ৰ্টছে ছিট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগত এটা ফ্ৰেঞ্চাইজী দল অধিগ্ৰহণ কৰিছে। এছজি স্পীড ৰেচাৰ নামৰ দলটো দিল্লীত অৱস্থিত হ’ব আৰু ইয়াৰ লক্ষ্য হৈছে ভাৰতত ক্ৰীড়া মনোভাৱক উন্নীত কৰা আৰু উদীয়মান খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উৎকৃষ্ট ৰূপে গঢ়ি তোলাৰ বাবে এখন মঞ্চ গঢ়ি তোলা। এপিএল এপ’ল’ৰ নেতৃত্বত চলি থকা এছজি স্প’ৰ্টছে এছজি স্পীড ৰেচাৰ্ছৰ ফ্ৰেঞ্চাইজীৰে ছিট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগক অন্য এক মাত্ৰা দিবলৈ সাজু হৈছে।
ফেডাৰেচন অৱ মটৰ স্প’ৰ্টছ ক্লাব অৱ ইণ্ডিয়াৰ সহযোগত আৰম্ভ হোৱা এই লীগ হৈছে ভাৰতৰ প্ৰথমখন ফ্ৰেঞ্চাইজি ভিত্তিক ছুপাৰক্ৰছ ৰেচিং লীগ। এই লীগত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰাইডাৰসকলক একত্ৰিত কৰি বিভিন্ন ফৰ্মেট আৰু শাখাত প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব। উদীয়মান বা যুৱ খেলুৱৈসকলক লাভৱান হোৱাকৈ উজলি উঠাৰ বাবে এক শক্তিশালী মঞ্চ প্ৰদান কৰি ভাৰতৰ ক্ৰীড়াক্ষেত্ৰৰ পৰিৱেশলৈ বৈপ্লৱিক পৰিৱৰ্তন অনাৰ লক্ষ্য হাতত লৈছে এছ জি স্প’ৰ্টছে। ২০২৩ চনৰ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এই লীগৰ উদ্বোধনী ছিজন। এই হাই অক্টেন ৰেচিং লীগত স্বীকৃতিৰ বাবে ৮টা দলীয় ফ্ৰেঞ্চাইজীয়ে প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰিব।
এই এছজি স্প’ৰ্টছক ছিট ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগৰ অংশ হোৱাৰ বিষয়ে উচ্ছাসেৰে ব্যক্ত কৰি চুপাৰক্ৰছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সহ-প্ৰতিষ্ঠাপক তথা সঞ্চালক বীৰ পেটেলে কয় যে, “ছিট ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগৰ সৈতে এছজি স্প’ৰ্টছৰ অংশীদাৰীত্ব ঘোষণা কৰি আমি আনন্দিত হৈছোঁ। আমি বিশ্বাস কৰোঁ যে, এই অংশীদাৰীত্বই চুপাৰক্ৰছ ৰেচিং ইক’চিষ্টেমক বৃদ্ধি কৰিব আৰু দেশজুৰি লাখ লাখ যুৱ প্ৰজন্মৰ খেলুৱৈক অনুপ্ৰাণিত কৰিব।”