দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধু আৰু ইন-ফৰ্ম এইচ এছ প্ৰণয়ে ছিংগাপুৰ অ’পেন ছুপাৰ ৫০০ বেডমিণ্টন টুৰ্ণামেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।তৃতীয় স্থান প্ৰাপ্ত সিন্ধুৱে বিশ্বৰ ৫৯ নম্বৰৰ ভিয়েটনামৰ হুই লিন আগুয়েনক ১৯-২১, ২১-১৯,২১-১৮ পৰাস্ত কৰে। এতিয়া তেওঁ চীনৰ হান য়িৰ মুখামুখি হ’ব। বিশ্বৰ ১৯ তম স্থানত থকা প্ৰণয়ে বিশ্বৰ চাৰি নম্বৰ চীনা টাইপেইৰ চৌ টিয়েন চেনৰ বিৰুদ্ধে তিনি সপ্তাহৰ ভিতৰত দ্বিতীয়টো জয় পঞ্জীয়ন কৰে। তেওঁক প্ৰণয়ে
১৪-২১, ২২-২০,২১-১৮ ত পৰাস্ত কৰে। খেলখন
এক ঘণ্টা ন মিনিট চলিছিল। তেওঁ এতিয়া জাপানৰ কোডাই নাৰাওকাৰ মুখামুখি হ’ব।
কিদাম্বি শ্ৰীকান্তক পৰাস্ত কৰা মিথুন মঞ্জুনাথে আয়াৰলেণ্ডৰ এন. আনগুয়েনৰ বিৰুদ্ধে ১০-২১, ২১-১৮, ১৬-২১ত নক আউট হৈছিল। একে সময়তে, থাইলেণ্ডৰ বুচানান অংবামুংফানক পৰাস্ত কৰা অস্মিতা চলিহাক চীনৰ হান য়িয়ে ২১-৯, ২১-১৩ ত পৰাস্ত কৰে।