ছাত্ৰ ছাত্ৰীৰ মাজত পৰিৱেশ সচেতনতা সৃষ্টিৰ বাবে নাৰেঙ্গী চৰকাৰী হাইস্কুলত গছপুলি ৰোপণ

অসম চৰকাৰৰ বন আৰু পৰিবেশ  বিভাগে  ৰাজ্যত  অধ্যয়নৰত ছাত্ৰ – ছাত্ৰীৰ মাজত  পৰিবেশ সংৰক্ষণৰ সচেতনতা  সৃষ্টিৰ বাবে চৰকাৰী – বেচৰকাৰী শিক্ষানুষ্ঠানত গছপুলি ৰোপণৰ বাবে আঁচনি গ্ৰহণ কৰিছে ।  ইয়াৰ অংশ হিচাপে  বন বিভাগৰ  পূব কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত  গুৱাহাটী আঞ্চলিক বন বিষয়াৰ  কাৰ্যালয়ৰ তত্ত্বাৱধানত খণ্ড বন বিষয়াৰ কাৰ্যালয় সমূহে   বিগত দিনকেইটাত  গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠান চৌহদত গছপুলি  ৰোপণ কৰি আহিছে  ।  আজি  নাৰেঙ্গী  খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত নাৰেঙ্গী চৰকাৰী হাইস্কুল   চৌহদত গছপুলি ৰোপণ কৰা  হয় ।  অৰ্জুন আৰু মহানিমৰ   একোটাকৈ গছপুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বন বিভাগৰ মধ্য অসম চক্ৰৰ  অতিৰিক্ত  প্ৰধান মুখ্য বন সংৰক্ষক  সন্দীপ কুমাৰ  আৰু নাৰেঙ্গী চৰকাৰী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰতিমা দাস কাজীয়ে । এই উপলক্ষে অনুষ্ঠিত  অনুষ্ঠানত হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি ডাঃ দুলজিৎ পাঠক ,  পূব কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ৰোহিণী বল্লভ শইকীয়া ,   গুৱাহাটীৰ আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱা , উপ আঞ্চলিক বন বিষয়া প্ৰাণজিৎ ডেকা , নাৰেঙ্গী  খণ্ড বন কাৰ্যালয়ৰ খণ্ড বিষয়া অসীম দাস  ,  হেঙেৰাবাৰীৰ  খণ্ড বন বিষয়া বিদ্যুৎ দাস , পাঞ্জাবাৰীৰ খণ্ড বন  বিষয়া নিৰ্মল ডেকা , খানামুখৰ খণ্ড বিষয়া জিন্টু তালুকদাৰ , বনপালক হিমাংশু তালুকদাৰকে  ধৰি গুৱাহাটী  আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ কেবাজনো বনকর্মী ,  নাৰেঙ্গী চৰকাৰী হাইস্কুলৰ  শিক্ষক – শিক্ষয়িত্ৰী আৰু ছাত্ৰ – ছাত্ৰীসকল  উপস্থিত থাকে । আনহাতে কাৰ্যসূচীৰ লগত সংগতি ৰাখি  খণ্ড বন বিষয়া  অসীম দাসৰ  নেতৃত্বত  নাৰেঙ্গী  খণ্ড বন কাৰ্যালয়ৰ বনকর্মী সকলে হাইস্কুল  চৌহদত  আমলখি , অৰ্জুন , জামু , ৰঙা চন্দন ,  বকুল ,  মহানিম , ভোমোৰাকে ধৰি থলুৱা প্ৰজাতিৰ   ৫০ টা গছপুলি ৰোপণ  কৰে । অনুষ্ঠানৰ আৰম্ভণিতে হাইস্কুলৰ ছাত্ৰ – ছাত্ৰী সকলে সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ ” অসম আমাৰ ৰূপহী গুণৰে নাই শেষ” গীতটো পৰিবেশন কৰে ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *