‘ছলভ ফৰ টুমৰু’ৰ শীৰ্ষ ১০টা দলৰ নাম ঘোষণা কৰিছে চেমচাং ইণ্ডিয়াই

চেমচাং ইণ্ডিয়াই ৰাষ্ট্ৰীয় শিক্ষা আৰু উদ্ভাৱন প্ৰতিযোগিতা ‘ছলভ ফৰ টুমৰু’ৰ শীৰ্ষ ১০টা দলৰ নাম ঘোষণা কৰিছে। এই প্ৰতিযোগিতাৰ মাজেৰে ভাৰতৰ জেন জেডৰ মাজত উদ্ভাৱন, উদ্যোগ আৰু সামাজিক দায়বদ্ধতা উদযাপন কৰিছে। এই দলবোৰে বাস্তৱ-পৃথিৱীয়ে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সমাধান নিৰূপণ বা বিকশিত কৰিছিল, যাৰ ভিতৰত উল্লেখ কৰিব পাৰি সাগৰৰ পানী ৰূপান্তৰ কৰা, কীট-পতংগ চিনাক্ত কৰা, খাদ্য আৱৰ্জনা চিনাক্ত কৰা, সাগৰৰ পাৰ পৰিষ্কাৰ কৰা, বহনক্ষম চামৰাৰ টেনিং আৰু শ্ৰৱণ শক্তি হেৰুওৱা ব্যক্তিসকলৰ বাবে উপলব্ধতা ইত্যাদি। নিৰ্বাচিত ১০টা দলে নিউজ১৮ গ্ৰুপে প্ৰস্তুত কৰা টিভি ছিৰিজত অংশ ল’ব। এই অনুষ্ঠান নেচনেল চেনেল আৰু জিঅ’ চিনেমাত সম্প্ৰচাৰ হ’ব আৰু অংশগ্ৰহণকাৰীয়ে গেলেক্সি জেড ফ্লিপ স্মাৰ্টফোন স্মাৰ্টফোন লাভ কৰিব। ইয়াৰে তিনিগৰাকী বিজয়ীয়ে ১.৫ কোটি টকা পুৰস্কাৰ হিচাপে লাভ কৰিব।

শীৰ্ষ ১০টা দল অসমৰ লখিমপুৰ আৰু গোলাঘাট, উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জ, পশ্চিম বংগৰ দাৰ্জিলিং, গুজৰাটৰ চুৰাট আৰু আহমেদাবাদ, চেন্নাই আৰু দিল্লী তথা কেৰালাৰ এৰ্নাকুলাম আদি চহৰৰ পৰা আহিছে। এই  শীৰ্ষ দহটা দলৰ নাম হৈছে ডিমিটাৰ, হেকভেঞ্জাৰ্ছ, জলৰাজ, মিলান, মাস্কেটিয়াৰ্ছ, এনআইটি চুৰাট, ৰিলেডাৰ্ড, টিইজি, থিংক আৰু টাচ্চপেড।

চেমচাং, এফআইটিটি, মেইটী ষ্টাৰ্টআপ হাব মেণ্টৰ টীমে প্ৰটোটাইপ সৃষ্টি, পিচ্চিং আৰু গেলেক্সি ডিভাইচৰ বাবে ২০,০০০ টকা আগবঢ়ায়। চেমচাঙৰ ছাউথ ৱেষ্ট এছিয়াৰ কৰ্পোৰেট ভাইচ প্ৰেচিডেণ্ট হিউন কিমে ইয়াৰ ‘ছলভাৰ্ছ’ৰ বাবে গৌৰৱান্বিত, এই বিষয়ে তেওঁ কয় যে, “চেমচাং আৰু ইয়াৰ অংশীদাৰসকলৰ পৰামৰ্শদাতাসকলৰ সহায়ত শীৰ্ষ ১০টা দলে কেনেদৰে নিজৰ সমাধান শক্তিশালী কৰে তাৰ বাবে আমি আগ্ৰহেৰে অপেক্ষা কৰিছো।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *