ছত্তীশগড়ৰ কয়লা খনি আদানীক গতাই দিয়াৰ ষড়যন্ত্ৰ ৰচিছে বিজেপিয়েঃ অভিযোগ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ

নিৰ্বাচনমুখী ৰাজ্য ছত্তীশগড়ত মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে বিজেপি-আদানী সম্পৰ্কক লৈ গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, “বিজেপিয়ে ছত্তীশগড়ৰ সকলো খনি আৰু খনিজ পদাৰ্থ আদানীক গতাই দিয়াৰ পৰিকল্পনা কৰিছে”।

শেহতীয়াকৈ তেওঁলোকে গেৰে পালেমা কয়লা খনিসমূহ চাউথ ইষ্টাৰ্ণ ক’লফিল্ডছ লিমিটেড (এছ ই চি এল)ৰ জৰিয়তে আদানীক গতাই দিছে আৰু এতিয়া বাষ্টাৰৰ এন এম ডি চিৰ খনিসমূহ আদানীক গতাই দিয়াৰ চেষ্টা কৰিছে বুলি মুখ্যমন্ত্ৰী বাঘেলে অভিযোগ কৰে।

মুখ্যমন্ত্ৰী বাঘেলে অভিযোগ কৰে যে, ‘যিহেতু ৰাজ্য চৰকাৰে মাজত থিয় দিছে আৰু ছত্তীশগড়ৰ বহুমূলীয়া খনিসমূহ আদানীক গতাই দিবলৈ বিজেপি চৰকাৰে সমস্যাৰ সন্মুখীন হৈছে, সেয়েহে হুক বা ক্ৰুক কৰি তেওঁলোকে আমাৰ চৰকাৰখন বন্ধ কৰিব বিচাৰিছে।’

তেওঁ লগতে কয়, ‘ইডিৰ দৰে এজেন্সী প্ৰেৰণ কৰা হৈছে আমাক প্ৰতিৰোধ কৰিবলৈ।’’

মুখ্যমন্ত্ৰী বাঘেলে বিজেপি-আদানী সম্পৰ্কৰ বিৰুদ্ধে কঠোৰ মন্তব্য কৰাৰ পিছত কংগ্ৰেছ নেতাসকলেও দোষাৰোপ কৰে যে বিজেপিয়ে আদানীক পক্ষত ৰাখি ৰাজ্যৰ বহুমূলীয়া খনিজ সম্পদ আৰু সম্পত্তি লুট কৰাৰ চেষ্টা কৰিছে।

কয়লা খননৰ ক্ষেত্ৰত আটাইতকৈ পুৰণি আৰু অভিজ্ঞ কোম্পানী এছ ই চি এলে এতিয়া আদানীৰ জৰিয়তে কয়লা খননৰ কাম সম্পন্ন কৰিছে বুলি ছত্তীশগড় বচাও আন্দোলন(চি বি এ)ৰ আহ্বায়ক আলোক শুক্লাই উপহাস কৰে।

এই খনন বিৰোধী গোট চি বি এৰ অধীনত ২০২১ চনত হাছদেও কয়লা খনন এলেকাৰ শতাধিক জনজাতীয় লোকে আদানী কয়লা খননৰ বিৰুদ্ধে ৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰায়পুৰলৈ পদযাত্ৰা চলাইছিল।

উল্লেখযোগ্য যে ২৩ আগষ্টত এছ ই চি এলে আদানীৰ সৈতে ২০ বছৰৰ বাবে চুক্তিবদ্ধ হৈছিল যাৰ অধীনত কোম্পানীটোৱে এম ডি অ’ৰ অধীনত এছ ই চি এলৰ বাবে ২১৯ মিলিয়ন টন কয়লা আহৰণ কৰিব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *