চৰকাৰী ধান ক্ৰয় কেন্দ্ৰত মধ্যভোগীৰ দপ-দপনি

অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত ধান ক্ৰয় কৰি কৃষকৰ বেংক একাউন্টৰ জৰিয়তে ৰাজ্য চৰকাৰে ধানৰ মূল্য কৃষকক পৰিশোধ কৰাৰ কথা ঘোষণা কৰিছে যদিও একাংশ মধ্যভোগী ধানৰ ব্যৱসায়ীয়ে গাঁৱে গাঁৱে কৃষকৰ পৰা প্ৰতি কুইন্টল ধান ১২০০ ৰ পৰা ১৪০০ টকা দৰত ক্ৰয় কৰি ১৯৪০ টকাত বিক্ৰী কৰিছে চৰকাৰী ধান ক্ৰয় কেন্দ্ৰত।

হাতত তথ্য মতে যি ১৫৬ গৰাকী কৃষকে ধান ক্ৰয় কেন্দ্ৰটিত ধান বিক্ৰী কৰিছে এই সকলৰ ভিতৰত আছে ৰাজনৈতিক ব্যক্তিৰ নাম। কোনো দিন পথাৰত নামি নোপোৱা কৃষকে শ শ কুইন্টল ধান বিক্ৰী কৰিছে কেন্দ্ৰটিত। তাৰোপৰি কৃষকৰ পৰিবৰ্তে আছে অধিকাংশ ধান ব্যৱসায়ীৰ নাম।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *