চয়নিকা গগৈলৈ অসম অলিম্পিক সন্থাৰ ৫০,০০০ পুৰস্কাৰ ঘোযণা

ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি ৪১ সংখ্যক এছিয়ান ট্ৰেক চাইক্লিং চেম্পি্য়নশ্বিপত ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছে অসমৰ চয়নিকা গগৈ নেতৃত্বাধীন ভাৰতীয় চাইক্লিং দলটোৱে। নতুন দিল্লীত শণিবাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ মহিলাৰ এলিট শাখাৰ দলীয় পাৰছুইট ইভেন্টত ভাৰতীয় দলটোৱে এই সফলতা অৰ্জন কৰে। ব্ৰঞ্জ জয়ৰ যুঁজত ভাৰতে উজবেকিস্তানক পৰাস্ত কৰে। এছিয়ান ট্ৰেক চাইক্লিং চেম্পি্য়নশ্বিপৰ ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ মহিলাৰ এলিট শাখাৰ দলীয় পাৰছুইট চাইক্লিং ভাৰতে ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি ৪.৪৪ মিনিটত সম্পূৰ্ণ কৰে।ভাৰতীয় দলটোৰ এই সফলতাৰ বাবে অসম চাইক্লিং সন্থাৰ সভাপতি হৰমিত সিং আৰু সাধাৰণ সম্পাদক ড০ তপন দাসে অভিনন্দন জনাইছে। ইফালে, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে ভাৰতীয় দলটোৰ লগতে অসম জীয়ৰী চয়নিকা গগৈক অভিনন্দন জনোৱাৰ লগতে চাইক্লিষ্টগৰাকীক অসম অলিম্পিক সন্থাৰ তৰফৰ পৰা ৫০,০০০ টকা পুৰস্কাৰ আগবঢ়াব বুলি ঘোষণা কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *