ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চলিত ছিজনত আঠখন খেলৰ ভিতৰত ছয়খনত পৰাজিত হোৱাৰ পিছত শনিবাৰে ৰবীন্দ্ৰ জাদেজাই চেন্নাই ছুপাৰ কিংছ দলৰ অধিনায়কত্বৰ পৰা পদত্যাগ কৰে আৰু এতিয়া মহেন্দ্ৰ সিং ধোনীয়ে বাকী থকা মেচসমূহৰ দায়িত্ব গ্ৰহণ কৰিব। চিএচকে এক বিবৃতিত কয়, ‘ৰবীন্দ্ৰ জাদেজাই অধিনায়কত্ব ত্যাগ কৰি তেওঁৰ খেলত মনোনিবেশ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ এম এছ ধোনীক দলটোৰ অধিনায়ক হ’বলৈ অনুৰোধ জনাইছে। ধোনীয়ে বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এই অনুৰোধ মানি লৈছে যাতে জাদেজাই তেওঁৰ খেলত মনোনিবেশ কৰিব পাৰে।’ অধিনায়কত্বৰ হেঁচাই জাদেজাৰ খেলকো প্ৰভাৱিত কৰিছে আৰু তেওঁ আঠখন খেলত মাত্ৰ ১১২ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। আনহাতে তেওঁ মাত্ৰ পাঁচটা উইকেট দখল কৰিছিল।
চেন্নাই ছুপাৰ কিংছৰ অধিনায়কত্ব পদ ত্যাগ ৰবীন্দ্ৰ জাদেজাৰ
