অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে শুকুৰবাৰে অভিযান চলাই বজালীৰ ডি এছ পি পুষ্কল গগৈ আৰু জিলাখনৰ আন ছয়জন আৰক্ষী বিষয়াক জেৰাৰ বাবে আটক কৰে।
সূত্ৰ অনুসৰি গগৈৰ লগতে চি আই ডিয়ে ভৱানীপুৰ থানাৰ এছ আই দেৱজিৎ গিৰি, এ এছ আই শশাংক দাস আৰু পাটাছাৰকুছিৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপ পাটগিৰি, অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) গায়ত্ৰী সোণোৱালৰ পি এছ অ’ এ বি চি ইনজামামুল হাছান, বজালী এছ পিৰ গাড়ীচালক দীপজয় ৰয়, এছপিৰ পাৰ্ট টাইম গাড়ী চালক নবিৰ আহমেদক সোধা-পোছাৰ বাবে আটক কৰে।
সূত্ৰ অনুসৰি চুপাৰী মাফিয়া ৰফিউল হুছেইনে আৰক্ষী বিষয়া কেইজনৰ বিৰুদ্ধে চুপাৰী চিণ্ডিকেটত জড়িত থকাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে আটক কৰা হয় ডি এছপিসহ আৰক্ষী বিষয়া কেইজনক।
অভিযুক্ত চুপাৰী মাফিয়াৰ বাসগৃহত আৰক্ষীয়ে ব্যাপক অভিযান চলোৱাৰ পিছতে এই কথা পোহৰলৈ আহিছে।
টুইটযোগে এই তদন্তৰ বিষয়ে জানিবলৈ দিয়ে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে।