চিৰাঙত বনৰক্ষীৰ গুলীত নিহত চোৰাং চিকাৰী নৱেশ্বৰ বসুমতাৰী

দেওবাৰে চিৰাং জিলাত বনৰক্ষীৰ সৈতে হোৱা গুলীচালনাত এজন চোৰাং চিকাৰী নিহত হয়।

বন বিভাগৰ চিৰাং জিলা আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো (WCCB)ৰ যৌথ অভিযানত, ভাৰত-ভূটান সীমান্তৰ পৰা তিনি চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই ঘটনা সংঘটিত হয়।

যোৱা নিশা চিৰাং জিলাৰ ভূটান সীমান্তৰ আমগুৰি থানাৰ অন্তৰ্গত জালুকণিত সংঘটিত হয় এই ঘটনা।

ধৃত চোৰাং চিকাৰী কেইটাৰ নাম বীৰেন নাৰ্জাৰী, নৱেশ্বৰ বসুমতাৰী আৰু নল বাহাদুৰ মাগৰ।

ইফালে অভিযানৰ সময়ত চোৰাং চিকাৰীয়ে আৰক্ষী ক আক্ৰমণ কৰিবলৈও চেষ্টা কৰাত আৰক্ষীয়ে প্ৰত্যুত্তৰত গুলীচালনা কৰাত নৱেশ্বৰ বসুমতাৰীৰ আঘাতপ্ৰাপ্ত হোৱাৰ লগতে এজন কনিষ্টবলও আহত হয়।

যদিও চোৰাং চিকাৰী নৱেশ্বৰ বসুমতাৰীক চিকিৎসাৰ বাবে চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়, চিকিৎসকে মৃত ঘোষণা কৰে।

ধৃত চোৰাং চিকাৰী তিনিজন চিৰাঙৰ জয়পুৰ মালিভিতাৰ নিৱাসী বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও তেওঁলোকৰ হাতৰ পৰা গঁড়ৰ খৰ্গ, ছাল, হাতেৰে নিৰ্মিত পিষ্টল, গুলী জব্দ কৰা হয়।

উল্লেখ কৰিব পাৰি যে যোৱা কেইমাহমানত মানসত কমেও দুটা গঁড় ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *